ছৱলীয়া পানীৰ বীৰত্ব >ǝ ৰাখই এইবাৰ ভাবিলে, “অকল এক ফুকনে আমাৰ অসংখ্য মৰাণৰ আগত কি তিষ্ঠিব? এইবাৰ ফুৰুনে আমাক নিশ্চয় বৰিব।” কিন্তু ফুকন নিৰ্ব্বাক নিষ্কম্প! ৰাঘাই ফুকনৰ কলে,-“ফুকন, এতিয়াও?” ফুকনে আকৌ বীৰপুৰুষৰ দৰে উত্তৰ দিলে,—“মই পূৰ্ব্বেই বুলিছোঁ, মৰাণ, ভোত মই নবৰে৷। ” ফুকনৰ হাতত ধেমু- কাড়, চোকৰ তৰোৱাল, তামো কটাৰ হাতত দা আৰু বৰ্চি। ইয়াৰেই সৈতে বিচক্ষণ অসমীয়া ৰাজবিষয়া আৰু সুনিপুণ খুঁজাৰু দিহিঙ্গীয়া বুঢ়াপানী ফুকনৰ পুতেক সমৰ কৌশলত সুশিক্ষিত বৰৈ দুৱলীয়া পানীফুকন আৰু তেওঁৰ গা-ধীয়া লিগিৰা তামোলকটাই মৰাণৰ সৈতে এপৰ বেলা যুক্তি মৰাণৰ ভালেমান মানুহ কাটি মাটিত বগৰাবলৈ ধৰিলে। পাঠক, চাওক, এই দৃশ্য কেনে মৰ্ম্মস্পৰ্শী। এফালে মৃত্যুক তাচ্ছিল্য কৰা অসমীয়া সেনাপতি আৰু তেওঁৰ প্ৰভুভক্ত লিখিৰা, আনফালে অগণ্য সশস্ত্ৰ মৰাণ-সেনানী। যেন বীৰ অভিমন্যুৱে শত-কৌৰবৰ আস্ফালনক পদাঘাত কৰি বীৰ তেজেৰে যুদ্ধ কৰি -মৃত্যুগঙ্গাৰ আশ্ৰয় লৈছে! ফুকনক মৰাণে চৌপাশে বেঢ়ি ধৰিলে, তথাপি ফুকনে বীৰদৰ্পে থিয় হৈ থাকিল। তাৰ পাচত মৰাণৰ সৈতে তেওঁৰ কঁড়িয়া-কঁড়ি লাগিল। ফুকনে কাঁড় নিক্ষেপ কৰি মৰাণৰ সৈন্যক দূৰতে ওফোৰাই আছিল, সেই কাড়ৰ আঘাতত বহুত মৰাণে প্ৰাণত্যাগ কৰিলে। এনেতে ফুকনৰ কাড়
পৃষ্ঠা:বুৰঞ্জীৰ বাণী.pdf/১৫৯
অৱয়ব