সমললৈ যাওক

পৃষ্ঠা:বুৰঞ্জীৰ বাণী.pdf/১৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰঞ্জীৰ বাণী এনে সময়ক্ত ১৬৯১ শকৰ আহিনৰ পাঁচদিন যাওঁতে আকাশত অমঙ্গল-সুচক নেদাল-তৰা ওলাল। স্বৰ্গদে আজ্ঞামতে কীৰ্ত্তিচন্দ্ৰ বৰবৰুৱাই সৈন্য-সামন্ত দি দিহা-দিহি সেনাপতিসকলক ৰণলৈ পঠালে। নামৰূপত সোণ-ৰূপৰ ভণ্ডাৰ আছিল, তাক মৰাণৰ পৰা ৰক্ষা কৰিবলৈ স্বৰ্গদেৱে বৰবৰুৱাক বিশেষকৈ আদেশ দিলে। এই আদেশমতে, নাওশদীয়া ফুকনৰ পুতেক জবকিয়াল গোহাঁই, বৰ-অভয়- পুৰীয়া ৰাজখোৱা, ফোটা বৰফুকনৰ বাহুৰ পানী-অভয়াপুৰীয়া ৰাজখোৱা, বৰগোহাঁই-পৰীয়া সৰু অভয়পুৰীয়া ৰাজখোৱা, এইসকলে নামৰূপৰ ফালে যাত্ৰা কৰিলে। নামৰূপ পোৱাৰ আগতে দীঘলীঘাটত মৰাণেৰে সৈতে এওঁলোকৰ ৰণ লাগিল, ৰণত হাষি এওঁলোকে মৰাণক বৰিলে। গুৱাহুটীয়া ডেকাফুকন, ধোৰাৰ বৰবৰুৱা, চিকণ বঙ্গালৰ দুই পুতেক, ফুকনৰ দাগি গোৱাল, এই সকল গৈ তিমোনৰ মুখত কোঁঠ দি থাকিল। আৰু মই বৰুৱা সেনাপতিয়ে চাংমাইৰ পাঁচ-হাজাৰ মানুহ লগত লৈ সহি-হাটৰ বাটেদি গঙ্গ। চাংমাই পাওঁতেই এওঁলোকৰ ৰণ লাগিল। দিহিঙ্গীয়াৰ পানীফুকনৰ পুতেক বৰৈ দুৱলীয়া ফুকনে পানীফুকনৰ দাৰি পোৱাল মানুহখিনিৰে সৈতে ধাই-আলিৰ বাটেদি গল। - ছৱলীয়া ফুকনৰ পাচত বৰকাকতী পৰ্ব্বতীয়া বৰুৱা গল। লিকচন বচা ৰাজখোৱা গা মানুহখিনিৰে সৈতে পৰ্ব্বতৰ আলিয়ে গল। এইদৰে মৰাণক ভেটিবলৈ বিস্তৰ আয়োজন চলিল।