হুৱলীয়া পামীক্ষনৰ ১৪ কৰি থলে। তাৰ পাচত বাধৱ মৰাণ বৰবৰুৱা হল, আৰু মাহৰ খোৰা মৰাণ সেনাপতি হল। সৰুগোহাঁইক গোপনে মৰাণে বিহু মাজিউ গোহাঁই আৰু খুৱাই মাৰিলে, আৰু মোহনমালা গোহাঁইক নিলগে খৰত থৈ ৰখীয়া দি থলে। মৰাণে খোৰাৰ পুতেক ৰমাকান্তক ৰজা পতিশে, কিন্তু অসমীয়া প্ৰজাৰ মৰম-বেথা পাবলৈ আৰু তেওঁলোকৰ মৰাণ- বিদ্বেষ দমাই ৰাখিবলৈ অসমীয়াৰ মাজত থক তুমি দিলে যে মোহনমালা গোহাইদেৱৰ পুতেকক মৰাণে ৰজা পাতিছে, কিন্তু প্ৰকৃত কথা মৰাণৰ মাজত গুপ্ত থাকিল। হৰনাথ ফুকন আৰু তেওঁৰ সেনাৰ দুৰ্ঘটনাৰ কথা ফুকনৰ কোঠৰ মানুহ এটাই গৈ লক্ষ্মীসিংহ স্বৰ্গদেৱক ৰাজসভাতে জনালে। এই কথা শুনি পাত্ৰ-মন্ত্ৰী সকলো নিষ্প্ৰাণ হল; আৰু সকলোৱে আলচ কৰি মোৱামৰীয়াৰ উৎপাত দমাবলৈ বিস্তৃত আয়োজনৰ উদ্দেশ্যে গুৱাহাটীৰ পৰা দুৱৰাৰ ঘৰৰ বৰফুকন, দিহিঙ্গীয়াৰ পানীফুকন, দুই ৰাজখোৱা, আৰু লুকী ৰাণীৰ দুই ৰজাপোৱালিক শীঘ্ৰে উজনিলৈ মতাই অনালে। এই সকলোকে লৈ বৰচ'ৰাত পুনৰ আলচ হল। দেশ-প্ৰেমিক পাত্ৰ-মন্ত্ৰী ডা-ডাঙ্গৰীয়া ফা- ফুকন বৰুৱা-বিষয়াসকলে কলে, -- "স্বৰ্গদেৱ, ভিতৰুৱাল ফুকনক ধৰি নিলে বুঝি আমি কিয় ৰণ এৰিম? স্বৰ্গদেৱৰ বন্দী-বেটা অনেক আছে। স্বৰ্গদেৱে ষিৰূপ পা যাক কৰিব তাক আচৰিব লাগে।"
পৃষ্ঠা:বুৰঞ্জীৰ বাণী.pdf/১৫৫
অৱয়ব