588 মোহনমালা গোহাইদেৱৰ এই কথা শুনি ৰাজভক্ত কৰ্ত্তব্যপৰায়ণ হৰনাথ ভিতৰুৱাল সেনাপতি ফুকনে নিৰ্ভীক - ভাৱে উত্তৰ দিলে,--- “তোমালোক খেদিধোৱা গোহাঁই; আমি কেনেকৈ ৰজা লম? সম্প্ৰতি স্বৰ্গদেৱ ৰাজপাটতে আছে। আমি ৰজা লব নোৱাৰোঁ।” পাঠক, মনত ৰাখিব, তেতিয়া সেনাপতি ফুকন আৰু তেওঁৰ ফৌজৰ অৱস্থা একেবাৰে পানীত-হাঁহে নচৰা, খাবলৈ নাপাই সেনাবোৰে সেঁকাত-যন্ত্ৰণা ভুগিছিল। তথাপি সেনাপতিৰ কেনে নিৰ্ভীক উত্তৰ, প্ৰলোভনৰ হাত এৰাব পৰা কেনে বিচিত্ৰ শক্তি! খাই-বৈ শকত আৱত হৈ থাকি নিৰ্ভয় অৱস্থাত প্ৰলোভন সম্বৰণ কৰাটো একো ডাঙ্গৰ কথা নহয়। কিন্তু এফালে অনাহাৰত মৰো মৰো হোৱা সৈন্য, আনফালে মৰাণৰ শৰণাপন্ন নহলে অনিবাৰ্য্য মৃত্যু, এই দুই কালভুজঙ্গৰ মাজত থিয় হৈ কোনে এইদৰে নিৰ্ভীকভাৱে উত্তৰ দিব পাৰে? মোগলৰ সেনাপতি ৰামসিংহ, তুমি তাহানি সঁচাকৈয়ে কৈছিলা,—'দ্য ৰাজা, ধন্য মন্ত্ৰী, ধ্য সেনাপতি, ধন্য সেনা! একে আদমিয়ে সকলো সেনা চলাইতে পাৰে। মই হেন ৰামসিংহই খনত থাকিও ছিদ্ৰ নাপাওঁ।” হুৰনাথ সেনাপতি ফুকনৰ নিৰ্ভীক উত্তৰ শুনি তিনিওজনা গোহাঁইদেৱে মাত লগালে,— "যদি পাৰ আমাৰ গাত গুি দে।” তাৰ পাচত তিনিজনা গোহাইদেৱে হাতীৰে ফুকনৰ কোঠ ভাঙ্গি হাতীৰপৰা নামি মামুহ সহিতে ফুকনক বন্দী
পৃষ্ঠা:বুৰঞ্জীৰ বাণী.pdf/১৫৪
অৱয়ব