সমললৈ যাওক

পৃষ্ঠা:বুৰঞ্জীৰ বাণী.pdf/১৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ছৱলীয়া পানীফুকনৰ বীৰত্ব 80 এতিয়া মৰাণে ছল চাই মোহনযালা গোহাঁই, বাউজা গোহাঁই আৰু সৰুজনা গোহাঁই, এই তিনি কোঁৱৰৰ সঙ্গোপনে বন্ধিত হোৱা প্রতিহিংসা-প্রবৃত্তিক প্ৰজ্জ্বলিত কৰিবলৈ তেওঁলোক তিনিওকে চপাই আনি কলে, – “তোমালোক আমাৰ লগলৈ আহা । আৱশ্যকে তোমালোকৰ এজনকে ৰজা পাতিম । ৰণ হৈ আমাক ফুকন বৰুৱা পাতিবা। আৰু পূৰ্ব্বে বকতিয়ালৰ কীৰ্ত্তিচন্দ্ৰ বৰবৰুৱাই বিনাদোষত স্বৰ্গদেৱত লগাই তোমালোকক নামৰূপলৈ খেদিলে । এতেকে বকতিয়ালৰ বৰবৰুৱাক মাৰোঁগৈ, তোমালোক আহা।” এই কথাতে কোঁৱৰ তিনিজন বিশেষ হর্ষযুক্ত হল, আৰু মৰাণেৰে সৈতে ৰূপত খোৱা-পুই কৰিলে। পাচে তিনিওজনা গোহাইদেৱে হাতীত উঠি মৰাণেৰে সৈতে ফৌজ পাতি ভিতৰুৱাল ফুকনৰ কোঠলৈ আহিল। বাটীয়া মোহনমালা গোহাইদেৱে ফুকনক কলে, – “ফুকন, তই দুৱৰাৰ ঘৰৰ, এদিনীয়া নহয়, তোৰ সপ্তম পুৰুষে আমাক সেৱা কৰি গৈছে, মিত্ৰ-সম্বন্ধো আছে। সম্প্ৰতি মইহে ৰজা । আৰু বকতিয়াৰ্লৰ বৰবৰুৱাই কুমন্ত্ৰণা কৰি স্বৰ্গদেৱত লগাই আমাক নামৰূপলৈ খেদালে, এতেকে বকতিয়ালৰ বৰক মাৰিবৰ নিমিত্তে আলচি ৰণ কৰিছোঁ। ডাঙ্গৰীয়া কেইধৰো, আহোম কেইঘৰৰো যাৰ যি বিষয়-মৰ্য্যাদা সেইৰূপেই থাকিব ; আৰু সামান্য পাইকান মানুহকো একো নকৰো, কাৰো চামৰাও নকৰে।।"