ছৱলীয়া পানীফুকনৰ বীৰত্ব 80 এতিয়া মৰাণে ছল চাই মোহনযালা গোহাঁই, বাউজা গোহাঁই আৰু সৰুজনা গোহাঁই, এই তিনি কোঁৱৰৰ সঙ্গোপনে বন্ধিত হোৱা প্রতিহিংসা-প্রবৃত্তিক প্ৰজ্জ্বলিত কৰিবলৈ তেওঁলোক তিনিওকে চপাই আনি কলে, – “তোমালোক আমাৰ লগলৈ আহা । আৱশ্যকে তোমালোকৰ এজনকে ৰজা পাতিম । ৰণ হৈ আমাক ফুকন বৰুৱা পাতিবা। আৰু পূৰ্ব্বে বকতিয়ালৰ কীৰ্ত্তিচন্দ্ৰ বৰবৰুৱাই বিনাদোষত স্বৰ্গদেৱত লগাই তোমালোকক নামৰূপলৈ খেদিলে । এতেকে বকতিয়ালৰ বৰবৰুৱাক মাৰোঁগৈ, তোমালোক আহা।” এই কথাতে কোঁৱৰ তিনিজন বিশেষ হর্ষযুক্ত হল, আৰু মৰাণেৰে সৈতে ৰূপত খোৱা-পুই কৰিলে। পাচে তিনিওজনা গোহাইদেৱে হাতীত উঠি মৰাণেৰে সৈতে ফৌজ পাতি ভিতৰুৱাল ফুকনৰ কোঠলৈ আহিল। বাটীয়া মোহনমালা গোহাইদেৱে ফুকনক কলে, – “ফুকন, তই দুৱৰাৰ ঘৰৰ, এদিনীয়া নহয়, তোৰ সপ্তম পুৰুষে আমাক সেৱা কৰি গৈছে, মিত্ৰ-সম্বন্ধো আছে। সম্প্ৰতি মইহে ৰজা । আৰু বকতিয়াৰ্লৰ বৰবৰুৱাই কুমন্ত্ৰণা কৰি স্বৰ্গদেৱত লগাই আমাক নামৰূপলৈ খেদালে, এতেকে বকতিয়ালৰ বৰক মাৰিবৰ নিমিত্তে আলচি ৰণ কৰিছোঁ। ডাঙ্গৰীয়া কেইধৰো, আহোম কেইঘৰৰো যাৰ যি বিষয়-মৰ্য্যাদা সেইৰূপেই থাকিব ; আৰু সামান্য পাইকান মানুহকো একো নকৰো, কাৰো চামৰাও নকৰে।।"
পৃষ্ঠা:বুৰঞ্জীৰ বাণী.pdf/১৫৩
অৱয়ব