"382 বুৰঞ্জীৰ ৰাধী পৰা বাজ কৰি দিছিল। কিন্তু স্বৰ্গদেৱ ৰুদ্ৰসিংহৰ অमি- কালৰ ব্যৱস্থা আছিল তেওঁৰ পাঁচজনা কোঁৱৰে জ্যেষ্ঠাদুক্ৰমে ৰাজ্য ভোগ কৰিব। ইয়াতে মোহনবালা গোহাঁইদেৱে বিষম বেজাৰ আৰু অপমান পাইছিল; আৰু কীৰ্ত্তিচন্দ্ৰৰ বিৰুদ্ধে কক্ষা ৰাখিছিল, আৰু পাৰিলে ৰাজপাটত উঠাৰ অভিসন্ধি তেওঁ কেতিয়াও এৰা নাছিল। ৰাজেশ্বৰসিংহ স্বৰ্গদেৱৰো চাৰিজনা কোঁৱৰ আছিল,—১ম, কাম্পুৰা গোহাঁই; হয়, চাকসিংহ মাঞ্জিউজনা গোহাঁই; ভয়, ৰত্নেশ্বৰ সৰুজনা গোহাই; ৪ৰ্থ, স্বৰ্গদেৱে পাটত উঠা কালত জন্ম হোৱা পাট-কোঁৱৰ। ৰাজেশ্বৰসিংহৰ জীৱিত অৱস্থাতে কান্দুৰা গোহাঁইদেও গড়গাৱঁত স্বৰ্গী হয়, ভোগবাৰীত তেওঁৰ মৈদাম ৰন্ধা হয়। মাজিওজনা গোহায়ে চাৰিঙ্গীয়া মেল আৰু সজনা গোহায়ে তিপমীয়৷ মেল খাইছিল। স্বৰ্গদেৱ লক্ষ্মীসিংহই সিংহাসনত উঠাত নিৰাপদ হবৰ মনেৰে গুতিজাক মাজিউঞ্জনা গোহাঁই আৰু সৰুজনা গোহাঁইক নগা পৰ্ব্বতৰ দাঁতিত থকা দুৰ্গম নামৰূপলৈ খেদি পঠিয়ালে, আৰু পাটকে ৱিৰক বৰকলাত থলে। ইন্নাতে অসন্তুষ্ট হৈ মাজিউনা গোহাঁই আৰু সৰগোহাঁয়ে খুৰাক লক্ষ্মী সিংহৰ বিৰুদ্ধে প্ৰতিহিংসাভাব লৈ আছিল। কিন্তু পাটকোঁৱৰে আন ৰিভ্ৰমৰ দৰে মৰাণত শৰণ লোৱা নাছিল। তেওঁ মোৱামৰীয়াৰ বিৰুদ্ধে প্ৰাণ পৰিশ্ৰমে যুদ্ধ কৰি ১৭১০ শকৰ শাওণ মাহত শিৱসাগৰৰ নিজৰ কোঠত মৰাণৰ হাতত প্ৰাণ-ত্যাগ কৰে।
পৃষ্ঠা:বুৰঞ্জীৰ বাণী.pdf/১৫২
অৱয়ব