সমললৈ যাওক

পৃষ্ঠা:বুৰঞ্জীৰ বাণী.pdf/১৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰুৰঞ্জীৰ বাণী উদ্ধাৰ নকৰা হলে আপোনালোকে আজি লাচিত বৰফুকনৰ মামত গৌৰৱ অনুভৱ কৰিলেহেঁতেননে? অসমীয়া বীৰাঙ্গনাই ঢাল-তৰোৱাল খেলু-কাঁড় লৈ সম্মুখ-সমৰত অগ্ৰগামিনী হৈছিল, বুৰঞ্জীৰ পাতৰপৰা মুলা-গাভৰু আৰু ৰাধা আৰু ৰুক্মিণীৰ বৃত্তান্ত উদ্ধাৰ নোহোৱা হলে আমি জগতৰ আগত অসমীয়া বীৰনাৰীৰ বীৰত্বৰ আদৰ্শ দাঙ্গি ধৰিব পাৰিলোঁ- হেঁতেননে? আমি কওঁ, আমাৰ এই বুৰঞ্জীবোৰ ওলাওক, তাত থকা মনোৰম আখ্যানবোৰ ৰাইজৰ মাজত প্ৰচাৰিত হওক, তেতিয়া বিদেশী নাটক আৰু উপন্যাসৰ অনুবাদ গুচিব, অসমীয়া নাটক আৰু উপন্যাস ৰচনাৰ আহিলা-সম্বল পৰ্ববত- পৰিমাণে প্ৰচুৰ হব। তেতিয়া দেখিব অসমীয়া সাহিত্যত এটি নতুন প্ৰাণ, আৰু অসমীয়া জাতীয়ত্বত এটি নতুন জাগৰণৰ আবিৰ্ভাৱ হৈছে। মহাৰাজ লক্ষ্মী সিংহ স্বৰ্গদেৱৰ দিনত হোৱা মোৱামৰীয়া বিদ্ৰোহুৰ সময়ত দিহিঙ্গীয়া ডেবেৰা বুঢ়া পানীফুকনৰ পুতেক বৰৈ পুৱলীয়া পানীফুকন বোলা এজন অসমীয়া সেনাপতিৰ দুৰ্জ্জয় বীৰত্ব অপৰিসীম সাহ আৰু অখণ্ড ৰাজভক্তিৰ দৃষ্টান্ত আপোনালোকৰ আগত আজি আমি দাঙ্গি ধৰিলোঁ। কি কি কাৰণত মোৱামৰীয়াই দেশত বিদ্ৰোহৰ অগনি ফলাইছিল তাক আপোনালোকে জানে। ১৬৯১ শকৰ ক্ষাতি মাহুত লক্ষ্মীসিংহ স্বৰ্গদেৱে কীৰ্ত্তিচন্দ্ৰ বৰবৰুৱা প্ৰমুখ্যে