সমললৈ যাওক

পৃষ্ঠা:বুৰঞ্জীৰ বাণী.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বৰ- একি পূর্ববঙ্গৰ জিলাসমূহৰ গেজেটিয়াৰৰ ৰংপুৰ খণ্ডত মাহে,-- “অসম, মণিপুৰ, জয়ন্তীয়া, কাছাৰ আৰু মৈমনসিংহৰ এক অংশ, আৰু গ্ৰীচুৰ নিচিনাকৈ ৰংপুৰ জিলাও অতীতৰ কামৱণ বা প্রাগজ্যোতিষ ৰাজ্যৰ অন্তৰ্গত আছিল। মন্ত্ৰ ৰাজ্য বা বঙ্গদেশ আৰু কামৰূপ ৰাজ্যৰ সীমা আছিল কৰতোয়া নদী। এই কাষৰথৰ প্ৰাচীন নৃপতি ভগদত্তই দুৰ্য্যোধনৰ পক্ষ অৱলম্বন কৰিছিল, আৰু অৰ্জ্জুনৰ হাতত নিহত হৈছিল। ঘাঘট নদীৰ পাৰত ভগদত্ত ৰজাই এটি আনন্দভরন বা বঙ্গালয় নিৰ্মাণ কৰে। তাৰপৰাই এই ঠাইৰ নাম ৰংপুৰ হোৱা বুলি প্রবাদ সৃষ্টি হৈছে। শিৱসাগৰৰ দক্ষিণেও ৰংপুৰ নামে এখন চহৰ আছে : তাতো তেনেৰূপ প্ৰবাদ চলি আছে। ভাটীৰ ৰংপুৰৰ কেই মাইলমান দুৰৈত থকা পৰবিন্দ নামে ঠাইডোখৰ ভগদত্ত ৰজাৰ ক্যা পৰাৱতীৰ নাম অনুযায়ী হোৱা বুলি মানুহৰ বিশ্বাস। - মিঃ বি-জে-এ ভাচ। জলপাইগুৰি জিলাৰ গেজেটিয়াৰত আছে,—“প্রাগ- ঐতিহাসিক যুগত জলপাইগুৰি জিলাখণ্ড প্ৰাগজ্যোতিষ ৰাজ্যৰ অন্তৰ্ভুক্ত খাছিল। এই ৰাজ্য পাচত গৈ কামৰূপ বুলি জনাজাত হয়, আৰু ই পশ্চিমে কৰতোয়া নদী পৰ্য্যন্ত বিস্তৃত আছিল। যোগিনীতন্ত্রমতে কামৰূপৰ তৃতীয়জনা নৃপতিয়ে খৃষ্টীয় প্রথম শতিকাত ৰাজ্যশাসন কৰে, তেওঁৰ নাম আছিল অল্লেখৰ । কিম্বদন্তীমতে এই জল্পেশ্বৰ ৰজাৰ দিনত জন্ম-গিজ আবির্ভূত হয়, থাৰু এইজনা নৃপতিয়ে সেই লিঙ্গৰ