শান্তি আৰু সমৰ জনদিয়েক। পাচে স্বৰ্গদেৱে সিহঁতক নিয়াই ৰংঘৰতে ৰং কৰিছিলে; বাজীও এই—চুপতীয়া আঘৰ গুলিত আম লগাইছিল, ত্ৰিশূলৰ ওপৰত নাচিছিল। কৰি স্বৰ্গদেৱক ৰং দেখালে। পাচে সিহঁতক দিলে ৰূপ ১০০০ টকা।” আৰু অনেক বাজী স্বৰ্গদেৱে ৰং পাই চৌৰাতে কছাৰী, “পাচে স্বৰ্গদেৱে ৰংপুৰৰ বাহুৰৰ মণিপুৰীয়া দুয়ো ৰজাক সম্ভাষা হ'ল। দুয়ো ৰজা স্বৰ্গদেৱক সেৱা কৰিলে। সভাও অতি বিচিত্ৰ হৈছিল। সেইবেলা জয়ানন্দৰ জোৰাই স্বৰ্গদেৱৰ আগত পাসৌজ গান কৰিছিল। ৰজাবোৰে দেখি বিস্ময়।” “আৰু সেই সময়তে মণিপুৰীয়া ৰজাকে, কছাৰী ৰজাকে দেখাই ৰাৱণ-ঋদ্ধ ভাৱনা কৰিলে, আৰু সেই সময়ৰ পৰাহে বৰবৰুৱা চৌৰাৰ ফুকামৰ খুটাত বহে। বৰফুকনক মোক্ষ কৰি ফুকনসকল ভাৱনাঘৰত বহে। সেই ভাৱনাৰ ডেকা- বৰবৰুৱা ওস্থাঙ্গ লাগিছিল; মানুহ ৭০০টা; ভাৱনাও অতি বিশেষ হৈছিল। মণিপুৰীয়া, কছাৰী ৰজাও দেখি অতি বিস্ময় পালে।” “মণিপুৰীয়া জীয়েকক পৰে স্বৰ্গদেৱে বৰজনা আইকুঁৱৰী- দেও পাতিলে। স্বৰ্গদেৱে তিনিজনা ডাঙ্গৰীয়াকো বৰবৰুৱাকো চাঙ্গলৈকে নিয়ালে। স্বৰ্গদেৱে ডাঙ্গৰীয়াবোৰতো সুধিলে, বোলে,— “এই মণিপুৰীয়া ৰজা যে ব্ৰহ্মাৰ ৰেঙ্গাত আহি কছাৰীত আছিলহি, তাৰপৰা আহি আমাৰ বৰুৱাৰ দ্বাৰা
পৃষ্ঠা:বুৰঞ্জীৰ বাণী.pdf/১৪৭
অৱয়ব