বুৰঞ্জীৰ বাণী কাৰণে ভাৰতত অতি তোলপাৰ, অশান্তি, অৰাজকতা আৰু শোণিতক্ষয়। ১৭৪৮ খৃষ্টাব্দত মহম্মদশাহৰ মৃত্যুৰ পাচত আহম্মদশাহ দিল্লীৰ সম্ৰাট পদত অধিষ্ঠিত হয়। তেওঁৰ পাচত দ্বিতীয় আলমগীৰৰ দিনত কাবুলৰ আহম্মদশাহ আবদালীয়ে পাঞ্জাব অধিকাৰ কৰে। বিদেশীৰ অস্ত্ৰচালনাত দিল্লী নগৰ হত্যা আৰু লুণ্ঠনৰ লীলাভূমি হয়। ১৭৬১ খৃষ্টাব্দত আহম্মদশাহ আবঙ্গালীৰে সৈতে পাণিপথ নামে ঠাইত মহাৰাষ্ট্ৰীয়সকলৰ তুমুল সংগ্ৰাম হয়। এই যুদ্ধত মহাৰাষ্ট্ৰীয় সেনা মুৰ তুলিব নোৱাৰাকৈ পৰাস্ত হয়, তাৰ লগে-লগে মহাৰাষ্ট্ৰীয়ই ভাৰতত একছত্ৰ সাম্ৰাজ্য স্থাপন কৰাৰ সম্ভাৱনা চিৰদিনলৈ লোপ পায়। ১৭৫৯ খৃষ্টাব্দত দ্বিতীয় আলমগীৰৰ হত্যাৰ পাচত তেওঁৰ পুতেক দ্বিতীয় শাহ আলম মোগল ৰাজপাটত বহিল সঁচা, কিন্তু তেওঁ ৰাজধানী এৰি বঙ্গদেশত পলাতক ভাৱে কাল কটাবলৈ বাধ্য হল। কবলৈ গলে এইখিনিতে মোগল সাম্ৰাজ্যৰ যবনিকা পৰিল। দিল্লীৰ সম্ৰাটসকলৰ ক্ষমতা ক্ৰমান্বয়ে টুটি অহাত মোগলৰ অধীনে প্ৰৱৰ্ত্তা বঙ্গৰ চুবোৰৰ ক্ষমতা আৰু প্ৰভাৱ লাহে-লাহে বাঢ়িবলৈ ধৰিলে। ১৬৬৩ খৃষ্টাব্দত বঙ্গৰ শাসনকৰ্ত্তা মীৰজুমলাৰ মৃত্যু হোৱাত ছায়িষ্টা-খাঁ চুবেদাৰ হয়। ইয়াৰ পাচত কিদাই-খাঁ, চুলতান মহম্মদ আজমতাৰা, পুনৰ ছায়িষ্টা-বা, ইজাহিম খাঁ, চুলতান আজিম-উছ-ছান, মুচি কুলি খাঁ
পৃষ্ঠা:বুৰঞ্জীৰ বাণী.pdf/১৪৪
অৱয়ব