শান্তি থাক সম 005 শিৱসিংহ হিয়াতে মাৰ নিয়াই মহাৰাজৰ লোকাত্তৰ ঘটে। ৰঞ্জাৰ দিনত দেশত শাস্তি আছিল, কিন্তু ৰজাৰ দুৰ্দ্দশা, আৰু বৰকুঁৱৰী ফুলেশ্বৰীয়ে ৰাজ্যভাৰ পাই এদল সবল সম্প্ৰদায়ৰ প্ৰাণত অপমানৰ কুঠাৰাঘাত কৰি মহা-অনিষ্ট সূত্ৰপাত কৰে। তাৰ পাচত প্ৰমত্ত সিংহৰ ৰাজত্বকাল তেনেই তাকসিনীয়৷ ৷ • ১৭৫১ খৃষ্টাব্দত ৰাজেশ্বৰসিংহ মহাৰাজ সিংহাসনত উঠে, আৰু ১৭৬৯ খৃষ্টাব্দত স্বৰ্গদেৱৰ মৃত্যু হয়। এই ওঠৰ বছৰৰ ভিতৰত ভাৰতৰ ভাগ্য-আকাশত যুগান্তৰকাৰী পৰিবৰ্ত্তন খাটছিল । যিশোনে চোৱা যায় সিপোনে মাত্র যুদ্ধ আৰু প্রতিদ্বন্দিতা,--ভাৰতীয় ৰাজশক্তিৰ পতন আৰু তাৰ ঠাইত ইউৰোপীয় শক্তিৰ অভ্যুদয়। টিমুৰলঙ্গৰ সন্তুতিসকলৰ দ্বাৰা সংস্থাপিত আৰু সংবন্ধিত মোগল ক্ষমতাৰ জঁকা মাত্ৰ অৱশেষ ৰলগৈ । আওৰঙ্গজেব বাদশাহৰ মৃত্যুৰ পাচত তেওঁৰ পৰৱৰ্ত্তী মোগল সম্রাট শাহ আলাম ক্রমান্বয়ে জাহান্দা্যাৎ বাহাদুৰাহ, তাৰ পাচত ফৰোধ চিয়াৰ, মহম্মদশাহ, এওঁলোকৰ দিনত পৰাক্ৰমশালী মোগলৰ নিচান নিষ্প্রভ হবলৈ ৰৰিলে। শিখ জাতিৰ সামৰিক জাগৰণ, মহাৰাষ্ট্ৰীয়সকলৰ উত্তৰ-ভাৰতলৈকে ৰাজ্যবিস্তাৰ, পাৰ্য সম্রাট নাদিাহৰ ভাৰত আক্ৰমণ, তাৰ লগে-লগে ইউৰোপীয় বণিকৰ ভাৰতত ৰাজশক্তি প্ৰতিষ্ঠাপনৰ উত্তম, এইবোৰ ঘাত-প্রতিঘাতৰ
পৃষ্ঠা:বুৰঞ্জীৰ বাণী.pdf/১৪৩
অৱয়ব