ধৰঞ্জীৰ ৰাণী খা-খবৰ আদেশ দিহা চাৰিদিনীয়া কৰিছে; অনা-নিয়া কৰি সাদিনীয়া খাট উজনি-নামনিৰ সেনাপতি ফুকম ৰাজখোৱা বৰুৱা চৌধাৰী যুঁজাৰুলকলে লতাশিলৰপৰা ফটাশিললৈকে হাজোৰপৰা বশিষ্ঠলৈকে সকলো প্ৰজাৰ হুৱে ৰণ-জেউতিত মতলীয়া কৰিছে। সেই সময়ত ৰাইজৰ মন-প্ৰাণ শঙ্কিত, সচকিত, সুতীক্ষ্ণ, উদ্বিগ্ন, কম্পমান, চিন্তাকুল! বাস্তৱিক, অসমীয়াসকলে বলবীৰ্য্য বুদ্ধি কৌশল স্বাৰ্থত্যাগ আদিৰ দ্বাৰা সোণৰ সঁফুৰা অসমভূমিত বিদেশীৰ প্ৰতিপত্তিৰ গুঁয়া নপৰিবৰ কাৰণে প্ৰাণ-পৰিশ্ৰমে যি চেষ্টা কৰিছিল সেই সকলোৰে ফল ভোগ কৰিছিল মহাৰাজ ৰাজেশ্বৰ সিংহ স্বৰ্গদেৱে। ৰণ-বিগ্ৰহত লিপ্ত থাকি চক্ৰধ্বজ সিংহ মহাৰাজৰ লোকান্তৰ ঘটে। তাৰ পাচত দেশত বিপ্লব, মন্ত্ৰীসকলৰ চক্ৰান্ত, ৰাজসিংহাসনত ৰজা উঠিছে, নামিছে। অৱশেষত গদাধৰ- সিংহ যেতিয়া সিংহাসনত উঠে সিয়ো বহু ভাগ্যচক্ৰ আৰু বহু দুধ-বিপৰ্যায়ৰ পাচত। তেওঁৰ ৰাজত্বও ইমান শান্তিপূৰ্ণ নাছিল,—বঙ্গালৰে ৰণ, মহন্তসকল নিৰ্যাতন, এইবোৰে স্বৰ্গদেৱক শান্তিৰ মুখ দেখিবলৈ নিদিছিল। ৰুদ্ৰসিংহ স্বৰ্গদেৱেও মহাসঙ্কল্প পূৰ্ণ কৰিবৰ মনেৰে দাঁতিকাষৰীয়া জাতিবৃন্দক শৰণাপন্ন কৰি বঙ্গ- আক্ৰমণৰ বিপুল আয়োজন কৰিছিল, পাচে সেই আয়োজনৰ মাজখিনিতে হিয়াৰ কামনা!
পৃষ্ঠা:বুৰঞ্জীৰ বাণী.pdf/১৪২
অৱয়ব