কারণ বা কষুপর প্রভাব। কোনোবা মানুহে লিপিৰ ৰাজ- ভাগত খুটাটো ডলাৰ চেষ্টা কৰাৰ প্ৰমাণ পোৱা যায়। এটা জনপ্রবাহ চলি আছে যে এই খুটাটো ভগদত্ত ৰজাই নির্মাণ কৰি সেই ঠাইতে থৈ গৈছিল ।” + আমি আজি যি ঠাইত সমবেত হৈছোঁ . সেই ঠাই অসমৰ অতীত কাহিনীৰে সৈতে জড়িত। মহাসতী বেহুলাই মৃত পতির দেহা লৈ যাওঁতে এই নেভাই ধুবনীৰ খাটতে সাশ্রয় রৈছিল। এই ধুৱৰীতে অম্বৰাধিপতি ৰামসিংহৰ লগত আহি শিক্ষৰ নৱম গুরু তেগ বাহাদুৰে গুৰুৱাৰ প্ৰতিষ্ঠা কৰি থৈ গৈছিল ৷ আজিকালি বিখন জিলাক আমি গোৱালপাৰা বোলোঁ সি সদায় কামৰূপ ৰাজ্যৰ অন্তৰ্গত আছিল । অঞ্চল গোৱা- পাৰা নালাগে, গোৱালপাৰাৰ পৰা আৰম্ভ কৰি ৰংপুৰ, জলপাইগুৰি আৰু মৈমনসিংহে৷ কামৰূপৰ ছত্ৰাধীন আছিল । সেই বিষয়ে অ্যাক্ট লিখকসকলে কি কৈছে তাক জানিব অসমৰ জিলাসমূহৰ বিৱৰণী থকা গেজেটিয়াৰৰ গোৱালপাৰা এণ্ডত আছে, “মহাভাৰতত উল্লেখ থকা প্রাচীন হিন্দু ৰাজ্য কামৰূপৰ ভিতৰত গোৱালপাৰা সন্নিবিষ্ট আছিল। জাৰু এই কামৰূপৰ অন্তৰ্গত আছিল উত্তৰ-পূব কঙ্গ আৰু বৰ্তমান অসম প্ৰদেশৰ অধিকাংশ ভাগ।”— মিঃ বিচি এলেন।
পৃষ্ঠা:বুৰঞ্জীৰ বাণী.pdf/১৪
অৱয়ব