সমললৈ যাওক

পৃষ্ঠা:বুৰঞ্জীৰ বাণী.pdf/১৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

320 বুৰঞ্জীৰ বাণী পূৰ্ব্বৰ দুগৰাকী কৰকুঁৱৰী ফুলেশ্বৰী দেবী আৰু অম্বিকা দেবীৰ দৰে এওঁৰ নামেও মোহৰ মৰা হৈছিল, ১৭৩৯ খৃষ্টাব্দৰ পৰা ১৭৪৪ চনলৈকে। বজাৰ ৰাজকাৰেঙ্গৰ অনেক খোটালি, চোতাল, বাৰী এনেয়ে পৰি থাকে, নাইবা তাত থাকে লাহ- বিল্লাহৰ সামগ্ৰী, নাইবা মহা-পয়োভৰ জীৱন-যাত্ৰাৰ আহিলা- সৰঞ্জাম, নাইবা মনোমোহা ফুলনি। কিন্তু সৰ্ব্বেশ্বৰী আইকুঁৱৰীদেৱে ৰাজ্যৰ ছোৱালীবিলাকক কাৰেঙ্গৰ ভিতৰলৈ নি তেওঁলোকক পাঁজি কাটিবলৈ শিকাই- ছিল, আৰু যি ছোৱালীৰ সঙ্গীতৰ ফালে ৰাপ আছিল তেওঁ লোৰুক গীত শিকাইছিল। বুৰঞ্জীত আছে— “অনাদৰী বৰ কুঁৱৰী সলাল গোহাঁইৰ জীয়েক, নাওঁ ললে সৰ্ব্বেশ্বৰী।...ভোটৰ লৰা এটি আনি তুলিছে আইকুঁৱৰীয়ে লগত লিগিৰাকৈ। —নকৈ অনেক জাতিৰ ছোৱালীসকল জুমে-জুমে পাঁজি-সূত৷ কটাকৈ লৈছে৷ গায়ন ছোৱালীসকল গায়ন শিকাই লৈছে ভিতৰুৱালকৈ।” আমি সোধোঁ, খৃষ্টীয় ওঠৰ শতিকাৰ মাজভাগত পৃথিবীৰ কেইজন৷ ৰজাই নিজৰ কাৰেং আৰু উত্থান প্ৰজাৰ উপকাৰৰ অৰ্থে মুকলি কৰি দিছিল, আৰু কেইগৰাকী মহাৰাণীয়ে ৰাজ্যৰ নানাজাতিৰ ছোৱালীক ভিতৰলৈ আনি সুতা-টা আৰু সঙ্গীত শিকোৱাৰ ব্যবস্থা কৰিছিল १ এপ্ৰিল ১৯৪৭ চন।