সমললৈ যাওক

পৃষ্ঠা:বুৰঞ্জীৰ বাণী.pdf/১৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নগঞা শ‍ইকীয়া ভোটাই ডেকা ভোটায়ে উত্তৰ দিলে, “মোৰ কাৰণে আন মানুহ কটা যাব লাগিছে কিয়? ম‍ই ৰাইজৰ হিত চিন্তিহে বুঢ়াফুকনক নিৰ্ব্বংশ কৰিলোঁ। এতিয়াও ৰাইজৰ হিত চিন্তি স্বৰ্গদেৱক সেৱা কৰিমগৈ। দেহালৈ কোনে আশা কৰিছে?” এই বুলি কৈ ভোটায়ে ঢাল-তৰোৱাল পেলাই ৰাইজৰ সেৱা কৰিলে। ৰাইজে ভোটাইক ধৰি স্বৰ্গদেৱ লৰাৰজাৰ আগ কৰিলে। লৰাৰজাই ভোটাই ডেকাৰ একো শাস্তি নিদি কলিয়াবৰলৈ পঠালে। কলিয়াবৰলৈ আহোঁতে উজনিলৈ যোৱা পিকচাই বৰফুকনৰ নাতিয়েক ডেকাফুকনে লুইতত ভোটাইৰ নাও দেখা পাই কলে,— “কৰ নাও, কৰ মানুহ, আমি বতৰা সোধো, নাও চপাই দে।” এই বুলি ভোটাইৰ নাও চাপিলত ডেকাফুকনে কলে,—“এই মানুহ- টোকনো স্বৰ্গদেৱে এৰি দিব পায়নে? স্বৰ্গদেৱে জানিবা নেগুৰ কাটি বাঘকহে এৰিলে!” এই বুলি চেটিয়াফুকনে ভোটাইক বন্দী কৰি থলে, আৰু স্বৰ্গদেৱত কৈ ভোটাইৰ নাক কাণ কাটিলে, চকু এটাও কাঢ়িলে। ইয়াৰ পাচত ভোটাই ডেকাৰ কি হল সাহতে একো জানিব পৰা নগল। এপ্ৰিল ১৯৩৪ চন।