খুৰঞ্জীৰ ৰাণী ফটকী এটা পঠাই ভোটাইক কোৱালে, – “লালুৰু বুঢ়াফুকনক মাৰি সিবোৰে আমাৰহে যন কৰিলে। এতিয়া সিহঁতে স্বৰ্গদেৱক সেৱা কৰকহি।” ভোটায়ে ভাবিলে স্বৰ্গদেৱে মাৰিবলৈছে মাতিছে, এই বুলি হাতৰপৰা ঢাল- তৰোৱাল নেৰা হল। পাছে লৰাৰজাই নগঞা থৰঙ্গীক ফলে,—“যদি ভোটাইক ধৰি দিব নোৱাৰ তেন্তে তহঁতক কাটিম।” ভোটাইৰ কাৰণে স্বৰ্গদেৱ আৰু তেওঁৰ লগৰ ফুকনবোৰ বিশেষ ত্ৰস্ত হল। ইতিমধ্যে ভোটাইৰ লগৰ মানুহ বাঢ়িবলৈ ধৰিলে। বিষয়াও ভঙ্গা-পতা ভোটাইৰ আজ্ঞাৰে কৰা হৈছিল। কিছুদিনৰ কাৰণে উজনীৰ ৰাজধানীত ভোটাইৰ অখণ্ড প্ৰতাপ প্ৰৱৰ্ত্তিবলৈ ধৰিলে। ভোটাইক বৰাই সৈমান নকৰালৈকে স্বৰ্গদেৱ নিশ্চিন্ত হব নোৱাৰিছিল। এই ভোটাইৰ বালু তিৰোতা এজনী আছিল। ৰাইজে গৈ তেওঁক গোহাৰি কৰিলে, – “আই, আমাক তুমি জীৱদান দিয়া। গিৰীয়েৰাক স্বৰ্গদেৱে একো নকৰে। বুঢ়াফুকনক মাৰি তেওঁ সকলোৰে উপকাৰহে কৰিছে। এতিয়া গিৰীয়েৰাই ঢাল-বাৰু পেলাই স্বৰ্গদেৱক সেৱা কৰকহি।” ৰাইজৰ কৰুণ বচন শুনি ভোটাইৰ ঘৈণীয়েকৰ মন কোমল হল, আৰু ভোটাইক ৰাইজে কোৱামতে কাম কৰিবলৈ৷ কবলৈ গাত ললে। দ্বৈণীয়েকে ধোয়াপাত লগাই তামোল এখন দি ভোটাইক সকলো কথা কলে।
পৃষ্ঠা:বুৰঞ্জীৰ বাণী.pdf/১৩৪
অৱয়ব