সমললৈ যাওক

পৃষ্ঠা:বুৰঞ্জীৰ বাণী.pdf/১৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নগঞা শইকীয়া ভোটাই ডেকা २७ দিলে, ইবেলিও দিবৰ মন কৰিছে। কাকবা দিয়ে একো টং কৰিব নোৱাৰি৷ বছৰি এইদৰে ভাল মানুহ দিব লাগিলে হিন্দুৰ ভাল মানুহ কেনেকৈ ৰব? ভাল, বুঢ়া ফুকনক কোনে ৰাখিব পাৰে ৰাখক। আমি যি কৰিব পাৰোঁ কৰিম।” এইবুলি আলচ কৰি এই তিনিয়ে যোত্ৰ হৈ এদিনা ৰাতি ফুকনক শোৱাৰাউতে খুচি মাৰিলে, ১৬০২ শক আঘোণৰ দহুদিন যাওঁতে মঙ্গলবাৰে। ফুকনৰ ঘৰৰ তিৰী-তিৰোতাই চিঞৰ-বাখৰ কৰিবলৈ ধৰাত এই তিনিয়ে কলে,—“ষি মাত, ধিতাতে কাটিম।” এওঁলোকে বুঢ়াফুকনক মাৰি পুতেক আঙ্গৰা, খোলোকা, জগৰা এই তিনিক কাটিলে; বুঢ়াফুকনৰ বংশৰ আনমানুহকো ফুকনে মাতিছে বুলি চপাই আমি কাটিলে। বুঢ়াফুকনৰ ভায়েক মৰঙ্গীলৈকো খেপা দিছিলে, তেওঁ গঢ়ৰ ভিতৰ সোমাইহে কোনো প্ৰকাৰে সাৰিল। লালুকসোলা ধুঢ়াফুকন আৰু তেওঁৰ বংশৰ মানুহক হত্যা কৰি ভোটাই ডেকা বৰ ক্ষমতাপন্ন হৈ পৰিল। আন মাছেও আহি ভোটাইৰ লগ ললেহি। ভোটায়ে নিজ- ইচ্ছামতে বিষয়াও পাতিবলৈ ধৰিলে। দক্ষিণাপতীয়া হাজৰিকা গীদাগাঠি গুৱাহাটীৰ বৰফুকন হল, চেটিয়াৰ নাতি সুখুৰাখনৰ হাজৰিকাই ফুকনপদ পালে ভোটায়ে বুঢ়াফুকনৰ মেটেকাৰ ঘৰতে কোঁঠ পাতি মানুহ-দুমুহু চপাই লৈ সাৱধানে থাকিল।

স্বৰ্গদেৱে ভগ্ন কৰিলে কিজানি ভোটাই বা তেওঁৰ মানুহে কোনো অনিষ্ট কৰে। স্বৰ্গদেৱৰ লগৰ মানুহে