নগঞা শইকীয়া ভোটাই ডেকা ১২১ “অসমৰ ৰাজ্য তোমাক দিলোঁ। তুমি মাথোন ভাই হৈ থাকিবা। তোমাক যিমান সৈন্য লাগে ৰঙ্গামাটিৰ মবাৰে দিব। যি প্ৰকাৰে বুঢ়াগোহাঁই বৰগোহাঁইক খেদাব পাৰা আৰু তোমাৰো আমোল হয় তাকে কৰিবা।” যাতে নিষ্কণ্টকে সিংহাসনত বহিব পাৰি ইয়াৰ কাৰণে লালুক-সোলাই বিস্তৰ আয়োজন কৰিলে। পোনতে তেওঁ ৰজা হব পৰা ৰাজ-ফৈদীয়া কোঁৱৰসকলক এফালৰপৰা সংহৰিবলৈ ধৰিলে। গদাপাণি কোঁৱৰে লালুক-সোলাৰ ভয়ত লাই আৰু লেচাই এই দুই পুতেক নগা চাঙ্গত ধৈ নিজে পলাই ফুৰিবলৈ ধৰিলে। গদাপাণিক বিচাৰি নাপাই লালুকসোলাৰ মানুহে কোঁৱৰৰ ভাৰ্য্যা জয়মতীক পাই শান্তি দি মাৰিলে, আৰু লালুকে ৰজাৰ মুকুট আৰু সাজপাৰ পিন্ধি ৰাজ-পয়োভৰেৰে মোগলৰ কটকীক সম্ভাষণ কৰিলে। লালুকসোলা বুঢ়া ফুকনে এইবোৰ অকাৰ্য্য কৰিলে ১৬০০ শকৰ ফাল্গুন আৰু ১৬০২ শকৰ আঘোণ, এই দুইবছৰৰ ভিতৰত এই সময়ত নগঞা ভোটাই ডেকা উজনিত আছিল। বুঢ়াফুকনৰ অকাৰ্য্যৰ কথা ভোটায়ে টলকি আছিল, কিন্তু সুযোগৰ অভাৱত তাৰ প্ৰতিকাৰ সাধিব নোৱাৰিছিল। দেশত এনে হুলস্থুল দেখি এদিন বৰদেওধায়ে কুকুৰাঠেং চাই ৰঙ্গাক কলে যে শদিয়াৰ চোইখাতী গোসামীৰ আগত বহুতদিন নৰবলি পৰা নাই, সেইদেখিছে ৰাজ্য
পৃষ্ঠা:বুৰঞ্জীৰ বাণী.pdf/১৩১
অৱয়ব