নগজ্ঞা শইকীৰা ভোটাই ডেকা
- 55
বুঢ়াগোহাঁই ডাঙ্গৰীয়াই ৰাজমৰ্যাদা লবলৈ ইচ্ছা নকৰি ৰাজকোঁৱৰ বিচাৰি আনি সিংহাসনত বহুৱালে। এই কাৰ্য্যত ৰাইজৰ ওপৰত বুঢ়াগোহাঁইৰ প্ৰভাৱ আগতকৈয়ো বাঢ়িল, আৰু ৰজায়ো তেওঁৰ বৰকৈ স্নেহ কৰিবলৈ ধৰিলে। বুঢ়াগোহাঁই ডাঙ্গৰীয়া উজনিত থকা কালত লালুক- সোলা বৰফুকন হৈ গুৱাহাটীত আছিল। বুঢ়াগোহাঁই ডাঙ্গৰীয়াৰ ক্ষমতা বাঢ়ি অহা দেখি লালুকৰ গা জ্বলিবলৈ ধৰিলে। বিশেষকৈ, টুটকীয়া মানুহে তিলকে তাল কৰি বুঢ়াগোহাঁইৰ বিৰুদ্ধে বৰফুকনক ভালেমান কথা লগাৰলৈ ধৰিলে। লালুকে যুঢ়াগোহাঁইৰ ওপৰত প্ৰতিশোধ লবৰ মনেৰে আৰু নিজে ক্ষমতাৱন্ত হবৰ অভিপ্ৰায়ে বঙ্গদেশৰ চুবোৰ চুলতান আজমতাৰাৰে কথাবাৰ্তা চলাবলৈ ধৰিলে, আৰু মোগলক ভালৰি লগাই তেওঁলোকৰ সহায় পাবৰ কাৰণে অসমীয়াই তাহানি শোণিতপাত কৰি উদ্ধাৰ কৰা গুৱাহাটীৰ পৰা মানাহালৈকে এই ৰাজ্যখণ্ড মোগলক বিনাযুদ্ধে এৰি দিলে, খৃঃ ১৬৭৯। বুঢ়াগোহাঁই ডাঙ্গৰীয়াই আগৰেপৰা লালুকৰ ষড়যন্ত্ৰৰ কথা শুনিছিল কিন্তু তাক তেওঁ বিশ্বাস নকৰিছিল। অন্য বিষয়াসকলে লালুকৰ বিৰুদ্ধে সৈশু পঠিয়াবলৈ কোৱাত বুঢ়াগোহাঁয়ে মাথোন কৈছিল, – “বৰফুকন জনা-শুমা মানুহ্, তেওঁ কিয় এনে কাম কৰিব? আৰু অসমৰ কাষতে যোগল শত্ৰু আছে, আমি নিজৰ বৰফুকনৰ বিৰুদ্ধে সৈা পঠালে তাৰপৰা শত্ৰুৰ উৎসাহে বাঢ়িব।”