১১৮ বুৰঞ্জীৰ বাণী আজ্ঞা মানি চলিবলৈ বাধ্য হৈছিল। দিঙ্গোৰ কোঠ ৰক্ষণ কৰিবৰ কাৰণে গুনাই বৰা নামে এজন সেনাপতিয়ে প্ৰাণটাকি যুক্ত কৰিছিল। অৱণেহত অধিকাৰ কৰি ভালেখিনি আহিলা পালে। মোগল কোঠ তাৰ পাচত বহুদিনলৈকে আমি ভোটাই ডেকাৰ নাৰ মুশুনো। ১৬৭১ খৃষ্টাব্দত শৰাইঘাটৰ যুদ্ধ হয়। যুদ্ধৰ অলপ পাচতে লাচিত বৰফুকনৰ মৃত্যু হোৱাত তেওঁৰ কঁকায়েক লালুক-সোলা গুৱাহাটীত বৰফুকন হয়। শৰাই- ঘাটৰ যুদ্ধত পৰাস্ত হৈ অন্বেৰৰ ৰজা মোগল সেনাপতি ৰামসিংহই সৈন্য-সামন্ত লৈ পুনৰ অসম আক্ৰমণ কৰিবৰ মনেৰে ধুবুৰীৰ ওচৰৰ ৰঙ্গামাটি থানাত বাট চাই আছিল। সেই কাৰণে অসমৰ বুদ্ধিমন্ত বিষয়াসকল গুৱাহাটীত থাকিব লগাত পৰিছিল। উজনিত আছিল মাত্ৰ তলৰাপৰ বিষয়া- সকল। নিজৰ স্বাৰ্থসিদ্ধিৰ কাৰণে সেই বিষয়াসকলে মনোনীত ৰঙ্গ। সিংহাসনত বহুৱাই ৰাজক্ষমতাৰ অধিকাৰী হৈ পৰিল, ৰজা হল পুতলামাত্ৰ। সেই কালৰ অসমৰ ৰাজমন্ত্ৰী বাগড়ীয়া আতন বুঢ়াগোহাঁই ডাঙ্গৰীয়াই গুৱাহাটী এৰি উজনিলৈ গৈ স্বাৰ্থপৰ বিষয়াসকলক শাস্তি দি ৰাজ্য সুস্থিৰ কৰিবলৈ ধৰিলে। বুঢ়াগোহাঁই ডাঙ্গৰীয়াৰ অসামা স্বাৰ্থত্যাগ আৰু ৰাজ্য-পৰিচালনা শক্তিৰ প্ৰমাণ পাই ৰাইজে তেওঁক বা সম্মান কৰিছিল, আৰু ৰজা নোহো কালত তেওঁকে ৰজা হবলৈ অনুৰোধ কৰিছিল। কিন্তু
পৃষ্ঠা:বুৰঞ্জীৰ বাণী.pdf/১২৮
অৱয়ব