নগঞা শইকীয়া ভোটাই ডেকা ১১৭ আৰু তেওঁৰ লগৰীয়াসকলে লালুক বুঢ়াফুকনক নিপাত নকৰা হলে অসমৰ কি অৱস্থা হলহেঁতেন তাক সহজে অনুমান কৰিব পাৰি ৷ ১৬৬২ খৃষ্টাব্দত নবাব মীৰজুমলাৰ অসম আক্ৰমণৰ কাহিনীত আমি পোনপ্রথমে ভোটাই ডেকা শইকীয়াৰ নাম পাওঁ ৷ নগাওঁৰ কলিয়াবৰ অঞ্চলত আগৰ দিনত কেইবাটাও কোঁঠ আছিল,-শিমলুগড়, পোতাকলঙ্গৰ কোঁঠ, কলঙ্গৰ কোঁঠ, দিজোৰ কোঁঠ, উদমাৰিৰ কোঁঠ আৰু সালনা পৰ্ব্বতৰ কোঁঠ। ইয়াৰ ভিতৰত শিমলুগড়ৰ কোঁঠ প্রধান আছিল। পাৰ্য ভাষাত লিখা নানান বুৰঞ্জীত এই শিমলুগড় বা 'শিমলাগড়'ৰ দুৰ্জ্জয় কোঁঠৰ দীঘলীয়া বিবৰণ পোৱা যায় ৷ কেবাদিনো ৰণ কৰি মীৰজুমলাৰ সেনাপতি দিলেৰ-খায়ে শিমলুগড় কোঁঠ অধিকাৰ কৰে । তাৰ পাচত মোগল সৈন্যই কলিয়াবৰ অঞ্চলত সোমাবলৈ বিচাৰিছিল, কিন্তু তাৰ বাটপথ চিনি নোপোৱাত ৰজাশহুৰ বৰফুকনে নগঞা শইকীয়া ভোটাই ডেকাৰ মানুহৰ হতুৱাই মোগলক পোতালঙ্গ আৰু দিজোৰ কোঁঠ সোমাবলৈ সুচল কৰি দিছিল। এই ৰজাশহুৰ বৰফুকনে আগৰেপৰা ঠেহ পাতি দেশ ৰক্ষা কৰা কাৰ্য্যত মন এৰিছিল, কাৰণ স্বৰ্গদেৱ জয়ধ্বজ সিংহই তেওঁৰ ওপৰত বেজালৈৰ ঘৰৰ মনথিৰ ভৰালী বৰুৱাক মীৰজুমলাৰ সৈতে যুঁজিবৰ কাৰণে যুদ্ধৰ চৰ্দাৰ কৰি পঠাইছিল। ভোটাই ডেকাই ৰজাশহৰ বৰফুকনৰ
পৃষ্ঠা:বুৰঞ্জীৰ বাণী.pdf/১২৭
অৱয়ব