বুৰঞ্জীৰ বাণী গুৱাহাটী নগৰ উত্তৰে-দক্ষিণে দলদোপ হেন্দোলদোপ, কৰি- বলৈ ধৰিলে। স্বৰ্গদেৱৰ লগত আছিল খাচ-অসমীয়া সৈন্য- বাহিনী তিমিলাৰ তিনিকুৰি হেজাৰ। দৰঙ্গ, বেলতলা, ৰাণী, নহৱাৰ, জাতিয়লীয়া সৈন্য দুকুৰি হেজাৰ টোপা কুচি, কছাৰী, জয়ন্তীয়া, ডিম্বৰুৱা আদি এই চাৰিলাখ স্যৈক আহাৰ-পাতি যোগোৱাত ব্যতিক্ৰম হোৱাটো স্বাভাৱিক। স্বৰ্গদেৱে কলে,—“মোৰ নিজৰ সৈন্যই দুখ পালে মোৰ ইমান চিন্তা নাই। কিন্তু যদি এই ৰণত ভৰ দিবলৈ অহা কছাৰী আৰু জয়ন্তীয়া সৈন্যই কোনো কষ্ট পাবলগীয়া হয় তেন্তে মোৰ লাজ আৰু দুখৰ অন্ত নোহোৱা হব।' ইয়াকে ভাবি সৈন্যৰ সংখ্যা কমাবলৈ চেষ্টা কৰা হল। স্বৰ্গদেৱৰ সৈন্যৰপৰা বাৰহেজাৰ ৰণুৱা আৰু দাতিয়ালৰ চাৰি হেজাৰ সৈন্যক খেতি- বাতি কৰিবলৈ নিজ-নিজ গাৱঁলৈ পঠিয়াই দিয়া হল। তাৰ পাচত স্বৰ্গদেৱে মানাহামুখলৈ যুদ্ধৰ আহিলা-পাতি নাও ভৰাই পঠাবলৈ ধৰিলে। ইতিমধ্যে উত্তৰ গুৱাহাটীৰ বাহুৰৰ পৰা স্বৰ্গদেৱে সুচতুৰ কটকী পঠাই অশ্বৰৰ ৰজা, দিল্লীৰ বাদশাহ, ত্ৰিপুৰাৰ অধিপতি, বেহাৰৰ ৰঙ্গা, বৰ্দ্ধমানৰ ৰজা, ৰংপুৰ আৰু কৃষ্ণলুন্দৰ ৰজা, আৰু পাঙ্গ্যাৰ ৰজাৰ ত’লৈ এই মৰ্ম্মে পত্ৰ লিখিলে,— “কৰতোয়া নদীৰ পূবপাৰে থকা ৰাজ্যবোৰৰ পূৰ্ব্বৰ অধিকাৰী আমিহে। সেইদেখি আমি তাক পুনৰ অধিকাৰ কৰিবলৈ মন কৰিছোঁ। আমাৰ প্ৰতি বিৰুদ্ধ আচৰণ নকৰিবা।
পৃষ্ঠা:বুৰঞ্জীৰ বাণী.pdf/১২২
অৱয়ব