সমললৈ যাওক

পৃষ্ঠা:বুৰঞ্জীৰ বাণী.pdf/১২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বুৰঞ্জীৰ বাণী উক্তিবোৰত অতীতৰ অসমীয়াৰ দেশাত্মবোধ যিদৰে ফুটি ওলাইছে তাৰ পৰা এই ৰণ-মেলৰ ৰিবৰণী-খণ্ড অসমীয়া সাহিত্যৰ এডুখৰি উৎকৃষ্ট চানেকি স্বৰূপে চিৰকাল জিলিকি থাকিব। সেইদেখি আমি তাক বুৰঞ্জীত পোৱাৰ দৰে হুবহু তলত তুলি দিলোঁ ।— “পূর্বের ৰুদ্ৰসিংহ স্বৰ্গদেৱে ১৬৩৫ শকৰ ভাদৰ দিনত লাইথপনা গোহাঞিৰ পুতেক বৰগোহাঞি, কুৱৈগঞা ফুকন বুঢ়াগোহাঞি, কেন্দুগুৰীয়া ডেকা বৰপাত্ৰ গোহাঞি, এই তিনিজনা ডাঙ্গৰীয়া প্ৰমুখ্যে বৰুৱা ফুকন সমস্তোতে সুধিলে বোলে, —‘মঞি ঢকা সীমাকৈ ৰঙ্গাগঢ়াৰ পৰা এই ৰাজ্যখানি সাৰিবলৈ মন কৰোঁ। তোমালোকে কি বোলা ?' “কেন্দুগুৰীয়া পাত্ৰগোহাঞে মহাৰাজাৰ কথাতে ভৰ দি বোলে, — স্বৰ্গদেৱে উত্তমহে সুধিছে। কতীয়া-গঙ্গা সীমা কৰি আমাৰ ৰাজ্য। আমি মন-কাণ নেদিবৰ দ্বাৰাইছে শক্ৰয়ে লৈছে৷ ৰাজা হলে পৰশত্ৰুক মাৰি, আপোনাৰ গীষন! ৰাখি ৰাজ্য লৱনেসে যোগ্য। আৰু নাওনাৱৰা আহিলা-পাতি বহুতো হুইছে। স্বৰ্গদেৱৰ আজ্ঞা হলে তাক মৰা যাব।' “ফুকন্-বুঢ়াগোহাঁঞে বোলে, — 'স্বৰ্গদেৱে উত্তমহে সুধিছে, বৰপাত্ৰ-গোহাঁঞে উত্তমহে কৈছে। স্বৰ্গদেৱৰ পূৰ্ব্বে পুলিন ৰাজাদেৱে তেজশক্তিৰ বলে ৰঙ্গামাটি চৰাই কৰতোয়া-গঙ্গাত গাজা পথালি গৈছে । তেতিয়া তাৰ আচল হেন দেখি