সমললৈ যাওক

পৃষ্ঠা:বুৰঞ্জীৰ বাণী.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আমি অসমীয়া আজি ছাল-ছিগা ভিকহ, তাও আমাৰ মাতৰোলৰ শক্তি একেবাৰে ফুল । অন্যদেশৰ মানুহে আকাশ-সমুদ্র । গিৰি-ভৈয়ামৰ প্ৰাৱাৰ যন কৰি বিজ্ঞানৰ বিজয়-নিচান উৰাব লাগিছে, আমি সেই সভ্যতা-ইঞ্জিনত পেট্রল স্কয়লাৰ যোগান দিছে৷ মাধোন । অসমীয়া আজি নগণ্য ভিৰ-মগনীয়া, কিন্তু আপোনা- লোকে মন কৰিছেনে অসমীয়াৰ দেশ-প্রেম জান কোনো জাতিৰ দেশ-প্রেষতকৈ কম নহয় ? আপুনি এজন অসমীয়াক ব্যক্তিগতভাৱে গালি পাৰক বা নিন্দা কৰক, তেওঁ হয়তো একো নামাতি সহি থাকিব; কিন্তু তেওঁৰ আগত অসমীয়া জাতি বা অসমীয়া ভাষাৰ বিষয়ে বিকৰ্থনা কৰক, তেওঁৰ জাতি-মৰ্য্যদা ক্ষুণ্ণ হোৱাত তেওঁৰ চকু ৰল৷ হব, আৰু সৰ্ববশৰীৰ কম্পমান হব, তেওঁ বিকৰ্থনাকাৰীক হুআষাৰ স্পষ্ট কথা গুনাইহে এৰিব । আমাৰ এই দেশ সপ্তসিংহৰ দেশ। অসমীয়া মানুহৰ গাত লুপ্তপ্ৰতিভা জাগ্ৰত কৰিব জানিলে অসমীয়া জাতি শক্তিমত্ত হৈ সংসাৰ-সংগ্রামত সম্মুখীন হব পাৰিব। আমি আজি উঠ বুলিলে উঠোঁ, আৰু বহু বুলিলে বহোঁ। কিন্তু আমাৰ অৱস্থা যে সদায় এনে নাছিল তাক কোনোবাই পতিয়াবনে ? আমাক দেখিলে কোনে বিশ্বা কৰিব যে আমিও এটি কৌটি-কলীয়া অখণ্ড-প্রবীণ সদৃশ সভ্যতাৰ অধিকাৰী আছিলোঁ । জোট -অসমৰে বীরপুর মত নৃপতি বেছিয়া-চীন