বাওঁ-আঠুত আৰু বৰপুত্ৰ শিৱসিংহক সোঁ-আঠুত বহুৱাই সত্য প্ৰতিষ্ঠা কৰি কলে-“এই দুই মোৰ পো। ” তেতিয়াৰে পৰা কাছাৰ আৰু অসমৰ পিতা-পুত্ৰ সম্বন্ধ স্থাপিত হল। তাৰ পাচত স্বৰ্গদেৱে জয়ন্তা ৰজা ৰামসিংহকে৷ সেইদৰে দৰবাৰ পাতি আদৰ-সম্ভাষণ জনালে। ইয়াৰ বাহিৰেও দৰং, বৰদুৱাৰ, ন-দুৱাৰ, পাস্তন, ভোলাগাওঁ, মৈৰাপুৰ, ৰাণী, লুকী, বনগাওঁ, পাণবাৰী, খোলা, নেলি, গোভা, চহৰী, ডিম্বৰুৱা আদি ৰাজ্যৰ ৰজাসকলেও স্বৰ্গদেৱক কৰভাৰ দি স্বৰ্গদেৱৰ সকলো কাৰ্য্য-কামৰ কাৰণে তিয়াৰ হৈ আছিল। ৰজাদেৱে কটকী দলৈ দোৱনীয়া মানুহ পঠাই পূৰ্বৰ মিত্ৰতা আৰু সুদৃঢ় কৰিলে। ইয়াৰ বাহিৰেও ডফলা জাতিক দৃশ্য কৰি স্বৰ্গদেৱে ডফলাৰ দুৰ্দমনীয় সাহ-পিত অসমীয়াৰ ক্ষত্ৰশক্তিৰ অঙ্গীভূত কৰি ললে। সামৰিক আৰু অন্যান্য বিষয়ত ভাৰতৰ ভিন-ভিন দেশৰে সৈতে অসমক সমকক্ষ কৰিবৰ নিমিত্তে স্বৰ্গদেৱ ৰুদ্ৰসিংহই খাউদ আৰু বৈৰাগীৰ খেল সৃষ্টি কৰি শিক্ষিত সুচতুৰ দূত হিন্দুস্থানৰ চাৰিওফালে পঠিয়াবলৈ ধৰিলে। খেনোৱে ৰাজত্ব কৰে নিজৰ ভোগ-বিলাস-বাসনা চৰিতাৰ্থ কৰিবৰ নিমিত্তে; খেনোৱে ৰাজত্ব কৰে ৰাজ্যৰ পূৰ্ব্বে চলি অহা উন্নতি-প্ৰতিষ্ঠা আৰু অৱস্থাকে লৰচৰ নোহোৱাকৈ ৰক্ষা কৰিবলৈ; আৰু ধেনোৱে ৰাজত্ব কৰে নিজৰ দেশক মান- মৰ্য্যাদা-শিক্ষা-গৌৰবৰ উচ্চশৃঙ্গত অধিষ্ঠিত কৰিবলৈ। স্বৰ্গদেৱ
পৃষ্ঠা:বুৰঞ্জীৰ বাণী.pdf/১১৮
অৱয়ব