বুৰঞ্জীৰ বাণী কৰি ললে। নিজৰ বাঢ়ি অহা ৰাজশক্তিৰ প্ৰধান অন্তৰা গদাপাণি কোঁৱৰক বুঢ়াফুকনে যধিবৰ মন কৰি বিচাৰি নেপাই কোঁৱৰৰ ভাৰ্য্যা সতী জয়মতীক চাওদাঙ্গৰ হতুৱাই শাস্তি দি বধ কৰিলে। ফুকলীয়া লৰা সিংহাসনত, তাতে বুঢ়াফুকনৰ জোঁৱাই, সাতঘাটৰ সৈয়াকণী লালুক বুঢ়াফুকনৰ কাৰ্য্যত লৰাৰজাই হেতা-ওপৰা কৰাটো আশাতীত। সতী নাৰীৰ শোণিতেৰে মাতৃভূমি ৰঞ্জিত হোৱাত -বিষয়াসকলে চেতনা লাভ কৰিলে। নগঞা শইকীয়া ভোটাই ডেকা আৰু মাধৱ তামুলীয়ে বুঢ়াফুকনক নিজঘৰতে ৰাতি খুচি মাৰিলে৷ গুৱাহাটি হল মোগল ফৌজাদাৰ মনচুৰ-বাৰ প্ৰাদেশিক ৰাজধানী। অসমীয়া সেনাপতি আৰু অন্যান্য বিষয়াসকলে কলিয়াবৰত গোট খাই ৰাজ্য-ৰক্ষাৰ উপায় চিন্তিলে। সেই মেললৈ গড়গঞা বিষয়াসকলকো মাতি অনা হৈছিল৷ ছৱাৰত বিদেশীয়ে খুন্দিয়াব ধৰিছে, ভিতৰত অনৈক্য আৰু অশান্তি, এনে অৱস্থাত “অসামৰ্থ ৰজায়ে ৰাজ্য ৰক্ষা কৰিব কেনেকৈ?” – এয়ে হল মেলৰ আলোচ্য গদাপাণি কোঁৱৰৰ পৰাক্ৰমৰ কথা আগেয়ে জনা বিষয়! আছিল। তেওঁকে আনি ১৬৮১ খৃষ্টাব্দৰ আগষ্ট মাহত কলিয়াবৰতে ৰজা পাতি বিষয়াসকলে গড়গাৱলৈ উজাবলৈ সিংহাসনত যথানিয়মে গদাধৰসিংহ ৰজা ধৰিলে। অধিষ্ঠিত ত হল। ন-জনা ৰজাৰ আজ্ঞাৰে লৰাৰজাক ৰধ কৰা হল।
পৃষ্ঠা:বুৰঞ্জীৰ বাণী.pdf/১১৬
অৱয়ব