ব-অय আৰু বুৰঞ্জীৰ বাণী Set সমীপবৰ্ত্তী মোগলৰ থানা ৰঙ্গামাটিত থাকি পাঁচ বছৰ ধৰি খাপ লৈ পুনৰ অসম আক্ৰমণৰ চেষ্টা কৰি আছিল। সেই আশঙ্কাত অসমৰ চতুৰ মন্ত্ৰী আৰু বীৰপুৰুষসকল গুৱাহাটিতে গড়প্রাঞ্চি কৰি সাষ্টম হৈ থাকিবলৈ বাধ্য হোৱাত উজনিৰ গড়গাওঁ চহৰখনি উচ্চাভিলাষী স্বার্থান্ধ বিষয়াৰ চক্ৰান্তৰ লীলাক্ষেত্ৰ হৈ পৰিল । আজি এজন ৰজা সিংহাসনত, দুদিনৰ পাচত তেওঁৰ হত্যা, তাৰ পাচত আন এজন নিশকতীয়া ৰজা,— কুচক্রী বিষয়াৰ হেংদানৰ প্রকোপত ৰজা-প্রজা কাৰো জীৱনৰ স্থিৰতা নোহোৱা হল। গড়গাৱঁৰ কথা শুনি মানুহ তল যাবলৈ ধৰিলে । ৰজাৰ কোঁৱৰসকল প্ৰাণৰ ভয়ত দিহিঙ্গে দ্বিপাঙ্গে পলাল। বীৰবৰ লাচিত বৰফুকনৰ ককায়েক লালুক-সোলা বৰফুকনে মোগলৰ সহায়েৰে অসম ৰাজ্যৰ অধিকাৰী হবৰ অভিপ্ৰায়ে দেৱৰো দুৰ্গম গুৱাহাটীৰ গড় মোগলৰ সেমাপতি মনচুৰ-খাঁক বিনাযুদ্ধে এৰি দিলে, ফেব্ৰুৱাৰী ১৬৭৯ খৃষ্টাব্দ । কামৰূপ ৰাজ্যখন বঙ্গালৰ বুকুত মিত্ৰভাৱে সমৰ্পণ কৰি লালুক বুঢ়াফুকনে গড়গাৱঁলে গৈ স্বয়ংবৰূপে প্ৰৱৰ্ত্তিৰলৈ ধৰিলে। চুভৈষ্ণা পবতীয়া ৰজাক হত্যা কৰি লালুক বুঢ়াফুকনে চৈধ্য-বছৰীয়া চামগুৰীয়া কোঁৱৰক জানি সিংহাসনত ৰহুৱালে, নতুন ৰজাৰ নাম হল চুলিফা ৰত্নধ্ববঙ্গ- সিংহ। নিজৰ পাঁচ-বছৰীয়া কন্যাক লৰাৰজালৈ বিয়া দি বুঢ়াফুকনে নিজৰ প্ৰভুত্ব আৰু ক্ষমতা বঢ়োৱাৰ পৰ সুফল
পৃষ্ঠা:বুৰঞ্জীৰ বাণী.pdf/১১৫
অৱয়ব