ধৰ অসম আৰু বুৰঞ্জীৰ ৰাণী দ্বাৰা 'ভাগৱত' আৰু কবিবৰ বামসৰস্বতীৰ দ্বাৰা 'মহাভাৰত' অনুবাদ কৰাই থ্ৰী আৰু শূদ্ৰৰ মাজতো কাব্যৰস পান কৰিবলৈ সস্তাৰ দি মহাৰাজ নৰনাৰায়ণে চিৰকাললৈ বৰ অসমৰ ভেটি সুদৃঢ় কৰি গল। ৰাজনৈতিক আৰু ভৌগোলিক সূত্ৰে বৰ অসমৰ ঐক্যবন্ধন হিঙ্গি গলেও এই খিলঞ্জীয়া সাহিত্যৰ গ্ৰন্থী কেতিয়াও ছিঙ্গিব নোৱাৰে। ইয়াৰ বাহিৰেও কামাখ্যাৰ মন্দিৰ নৰনাৰায়ণ আৰু চিলাৰায়ৰ, আৰু হাজোৰ মাধৱৰ মণিকুট ৰঘুদেৱ ৰজাৰ কীৰ্ত্তি। প্ৰাচীন কামৰূপ ৰাজ্য ছিন্ন-বিচ্ছিন্ন হোৱাৰ পাচত বৰ- অসমক একেলগ কৰিবৰ প্ৰথম চেষ্টা কৰিছিল মহাৰাজ নৰ- নাৰায়ণে, কিন্তু কালৰ বিক্ৰমত ১৬৩৯ খৃষ্টাব্দত সেই বৰ অসমত তিনি তৰপীয়া শাসনৰ সূচনা হল। প্ৰথম, খাই অসমত স্বাধীন আহোম ৰাজত্ব; দ্বিতীয়, কোচহাজোত মোগলৰ শাসন; আৰু তৃতীয়, কোচবেহাৰত বেহেৰুৱা ৰজাৰ মোগলৰ তলে কৰা-মিত্ৰ ৰাজত্ব ১৬৪৮ খৃষ্টাব্দত জয়ধ্বজ সিংহ স্বৰ্গদেৱে সিংহাসনত উঠি দেখিলে যে সোণৰ সঁফুৰা গুৱাহাটী ৰাজ্যত বিদেশীৰ সাৰ্প পদাঙ্ক। চাহজাহান বাদশাহৰ নৰিয়া অৱস্থাত পুতেকহঁতৰ মাজত হোৱা কন্দলৰ ছেগ লৈ জয়ধ্বজসিংহ স্বৰ্গদেৱে কোচ- হাজোৰ পৰা মোগলক খেদিবলৈ আৰু মামাহাৰ সিপাৰৰ ৰাজ্যখণ্ড অসমৰ চামিল কৰিবলৈ সৈন্য পঠিয়ালে। স্বৰ্গদেৱে ফলে,—“পূৰ্বেৰ ৰুতীয়া-গঙ্গালৈকে আমাৰ গড়গঞা ৰাজাদেৱে
পৃষ্ঠা:বুৰঞ্জীৰ বাণী.pdf/১১১
অৱয়ব