4 বুৰঞ্জীৰ বাণী নীলাম্বৰে আলাউদ্দিন হুচেইন শ্যাহৰ ছল-চক্ৰান্তত ৰাজ্য হেৰুৱাত কাষতাৰ ক্ষমতা লোপ পালে। হুচেইন শাহে “কমতা আৰু কামৰূপ দিগ্বিজয়ী চুলতান” খিতাপ লৈ মোহৰ মাৰিবলৈ ধৰিলে। এই নকৈ বিজিত ৰাজ্যত খোপনি পুতি বিদেশীয়ে মানাহা পাৰ হৈ খাই অসমত সোমাবৰ যোঙ্গা কৰিলে। ১৫২৮ খৃষ্টাব্দত গৌড় পাদশাহৰ বংশৰ তুৰ্থক নামে এজন যেনাপতিৰ সৈন্যই মানাহা চেৰাই কলিয়াবৰ পৰ্য্যন্তে বিয়পি পৰিল। ইতিমধ্যে সৌমাৰপীঠত ৰাজ্য স্থাপন কৰি আহোম শক্তিয়ে ক্ৰমান্বয়ে কামপীঠ, সুৱৰ্ণপীঠ আৰু ৰত্নপীঠত প্ৰভুত্ব বিস্তাৰৰ উন্মুম কৰিলে। পূৰৰপৰা পশ্চিমলৈ বাঢ়ি অহা আহোম-শক্তি, আৰু পশ্চিমৰপৰা পুৰৰ ফালে হেচি সোমাব খোজা মুচলিষ শক্তি, এই দুয়োৰো মাজত সংঘৰ্ষ লাগিল। তুকৰ সৈন্যৰ লগত অসমীয়া সৈন্যৰ তিনি বছৰ ধৰি নানা ঠাইত যুদ্ধ-বিগ্ৰহ চলিবলৈ ধৰিলে। ভৰৰীৰ যুদ্ধত তুকৰ সৈন্য পৰাস্ত হল। অসমৰ সেনাপতি আছিল ফাচে বৰগোঁহাই, গড়গঞা ডেকাৰজা আৰু কনচেং বৰপাত্ৰ গোঁহাই। এই ৰাতে ফাচেন্মুং বৰগোঁহাইৰ মৃত্যুৰ পাচত তেওঁৰ পত্নী মূলা গাভৰুৱে ধোৰাত উঠি যুদ্ধ কৰিছিল। অসমীয়া সৈন্যৰ হাতত তুৰ্ব্বক আৰু তেওঁৰ প্ৰধান সেনাপতি হুচন-খাঁই প্ৰাণ হেৰুৱালে। কনচেং বৰপাত্ৰগোঁহাই আৰু গড়গঞা ডেকাৰজাই কৰতোয়া- নৈলৈকে বিদেশী আক্ৰমণকাৰীক মাৰি কাটি খেদি মি তাৰ
পৃষ্ঠা:বুৰঞ্জীৰ বাণী.pdf/১০৮
অৱয়ব