সমললৈ যাওক

পৃষ্ঠা:বুৰঞ্জীৰ বাণী.pdf/১০২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বুৰঞ্জীৰ বাণী পবিত্ৰ হোলোংঘৰ পহৰা দিয়া অৱস্থাত এনে ঘটনা ঘটাত স্বৰ্গদেৱে তেওঁলোকক খং কৰি জয়ধামভাং-খাটৰ হাফলু হাব দিলে, আৰু তেওঁলোকৰ কাষ চাবৰ নিমিত্তে ৰজাৰ টেকেলা কুকুৰাচোৱা পঠিয়ালে। কামত হেলা কৰাৰ নিমিত্তেই হওক বা আন কোনো কাৰণতে হওক কুকুৰাচোৱাই তিনি গোহাঁইৰ বঙ্গহৰ ডেকা কিজনক গালি-শপনি পালিত তেওঁলোকে কুকুৰাচোৱা ধৰি পাৰেমানে কিলালে। সি গৈ স্বৰ্গদেৱত গোচৰ দিলত স্বৰ্গদেৱে কলে,—“তিনিজনা গোহাঁইৰ পো-ভাই কেটাই ৰজাৰ কুকুৰাচোৱাক কিলানে, সিহঁতৰ কলিজা ডাঙ্গৰ দেখিহে এনে কাম কৰিবলৈ সাহ কৰিলে। ময়ো এনে ক্ষত্ৰিয় মানুহহে বিচাৰোঁ।” এই বুলি স্বৰ্গদেৱে বৰপাত্ৰ গোহাঁই আৰু বৰগোহাঁইৰ বঙ্গহক কাজলীচকীত থলে, আৰু বুঢ়া- গোহাঁইৰ বঙ্গহক জাগিত থলে, তেওঁলোকেও সেইৰূপে থাকিলগৈ। এইদৰে কাজলীমুখীয়া গোহাঁই আৰু জাগিয়লীয় গোহাঁই এই দুই দাতিয়সীয়া শাসনকৰ্ত্তাৰ পদ সৃষ্টি হল। ইয়াৰ কিছুদিনৰ পাচত মোগলৰ লগত অসমৰ তয়াময়া বণ লাগিল। বঙ্গালৰ সেনাপতি জাছিল নবাব আহলায়াৰ-খাঁ, আৰু অসমৰ সৈন্যাধ্যক্ষ আছিল মোমাই- তামুলী বৰবৰুৱা আৰু পিচাই চেটিয়া ফুকন। যুদ্ধৰ কেন্দ্ৰ আছিল দক্ষিণে কলিয়াবৰ অঞ্চল আৰু উত্তৰে ভৰৰী নদীৰ পাৰৰ গাওঁবোৰ।