সমললৈ যাওক

পৃষ্ঠা:বুঢ়ী আইৰ সাধু.pdf/৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বুঢ়ী আইৰ সাধু
 

তেজা বাইদেউৰাক বিয়া কৰি নিম কিন্তু তেওঁ এতিয়া সৰু ছোৱালী, তেওঁ ডাঙৰ হওক, হলে মই নিশ্চয় বিয়া কৰাই লৈ যামহি। ” তেজাই এটা মইনা চৰাই পোৱালি পুহিছিল; গৰু চৰাওঁতে সদায় তাক লগত লৈ পোক, পৰুৱা, ফৰিং খুৱাই ফুৰে। কানায়ে এটা ডালিমৰ পুলি আৰু সেই মইনা চৰাইটো ৰজাক দি কলে, – “স্বৰ্গদেউ আমি দুখীয়া মানুহলৈ স্বৰ্গদেৱে কিজানি পাহৰি যায়, সেইদেখি এই ডালিম পুলিটি আৰু মইনা চৰাইটৌ স্বৰ্গদেৱক দিলো, স্বৰ্গদেৱে লৈ যাওক; ডালিম গছজোপাত যেতিয়া ডালিম পকিব আৰু মইনা চৰাইটোৱে মাত লব, তেতিয়া স্বৰ্গদেৱে আহি তেজাক বিয়া কৰাই লৈ যাব লাগিব।” ৰজাই সেই কথাত মান্তি হৈ জৰাটেঙা, জবা ফুল, ডালিম পুলি আৰু মইনা চৰাই লৈ নিজৰ নগৰলৈ গুচি গ'ল। ওপৰত কোৱামতে ৰজাক কবলৈ তেজা আৰু কানাইৰ মাকে আগেয়ে কানাইক শিকাই থৈছিল। সেই দেখি কানায়ে সেইদৰে কব পাৰিছিল। ৰজাই ডালিম পুলিটো তেওঁৰ শোৱা ঘৰৰ ওচৰতে ৰুলে আৰু মইনাটো এটা সোণৰ সজাত সুমাই ঘৰৰ পিৰালিতে আঁৰি দিলে।

 এইদৰে কিছুকাল গ'ল। লাহে লাহে ডালিম পুলি ডাঙৰ হ’ল। ডালিমে ফুল ধৰিলে; কলি পেলালে আৰু আজি-কালিকৈ ডালিম কলি ডাঙৰ হ'ল, হৈ পকিল। ইপিনে তেজাও গাভৰু হ'ল। মইনায়ো কলকলালে; তাৰ পিচত মাত ল'লে। তথাপি তেজাৰ কথা ৰজাৰ মনত নপৰিল। এদিন ৰজাই খাই-বই উঠি তামুলী চ'ৰাত বহি জিৰাইছে, এনেতে সেই মইনাটোৱে মাত লগালে—

৮৮