সমললৈ যাওক

পৃষ্ঠা:বুঢ়ী আইৰ সাধু.pdf/৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
তুলা আৰু তেজা
 


মই কাবৌ কৈ মাতিছোঁ মোকে৷ দে।” তুলাৰ কাবৌ এৰাব নোৱাৰি সিহঁতে তুলাক কলে,—“আঁৰুতো একো নাই, বাৰু তই সেই পাতখনকে চেলেক; কিন্তু এই কথা মাৰৰ আগত নকবি; কলে আৰু তোক কেতিয়াও খাবলৈ নিদিওঁ।” তুলাই পাত দুখন বুটলি আনি চেলেকিবলৈ ধৰিলে। সেই দিনা তুলা ঘৰলৈ উভতি আহিলত মাকে তুলাৰো মুখখন পকা সুমথিৰা টেঙাটো যেন হৈ অহা দেখি বুজিলে যে তায়ো সিহঁতৰ লগতে আজি কিবা খালে। তুলাক মাকে লৰালৰিকৈ ভিতৰলৈ মাতি নি সুধিলে, “সিহঁতৰ লগত কি খালি ক?” তুলাই কোনোমতে নকয়। শেহত মাকে তাইৰ চকুত জলকীয়া সানি দিবৰ ভয় দেখুৱালত তাই সৈ কাঢ়ি সকলো কথা কৈ দিলে। মাকে তেতিয়া বুজি উঠিল যে কাছ হোৱা সতিনীয়েকেহে পুতেক-জীয়েকক কিবা খাবলৈ দিয়ে। ইয়াকে বুজি তাই বৰকাছজনী মাৰিবলৈ বুধি পাতিলে। তাই শোৱাপাটীৰ তলত খোলাকটি কিছুমান থৈ তাইৰ নৰিয়া হৈছে বুলি শুই থাকিল। গিৰিয়েকে কি হৈছে বুলি তাইক সুধিলত তাই উস-আস কৰি ইকাটি-সিকাটি কৰে আৰু খোলা কটি বোৰ মেৰ্ মেৰাই উঠে। গিৰিয়েকে অনেককৈ সুধিলত তাই কলে,- “উস্! মোৰ বৰ নৰিয়া| মোৰ হাড়-মূৰে ভাগি যাবলৈ ধৰিছে। মোৰ প্ৰাণ যায়। ” ঘৈণীয়েকৰ অৱস্থা দেখি গিৰিয়েকে বৰ ভয়

খাই মঙলতী বুঢ়ীক মাতি আনি ঘৈণীয়েকৰ নৰিয়া কি কৰিলে ভাল হব সুধি মঙ্গল চোৱালে। মঙ্গলতীক লাগীয়ে আগেয়েই ৰূপ-বান খুৱাই শিকাই থৈছিল যে, “তোক মোৰ গিৰিহঁতে মঙ্গল চাবলৈ মাতিলে তই কৰি যে বৰপুখুৰীত থকা বৰকাছজনী মাৰি খুৱালেই মোৰ নৰিয়া ভাল হ'ব।” মঙ্গলতীয়ে সেই শিকনি মতেই

৮৫