কানাই, মাহীয়েৰে মোক ইয়াতে গতা মাৰি পেলাই বৰকাছ হ বুলি বৰকাছ কৰি গুচি গ'ল। তহঁতৰ মুখ শুকাই আছে, তহঁতে একো খোৱা নাই। মই জলকুঁৱৰীৰপৰা পৰমান আনিছোঁ, তহঁতে কচুপাত দুটা ছিঙি আনি এই পৰমান খা। কিন্তু এই কথা তহঁতে কাকো নকবি। মাহীয়েৰাই গম পালে মোক মাৰি পেলাব। দিনৌ দুপৰীয়া মই তহঁতক পৰমান খাবলৈ দিম, তহঁতে আহি খাই যাবিহি।” মাকৰ কথা শুনি দুয়ো কচুপাত দুটা ছিঙি আনি পাতি এই পৰমান খাই গৰু চৰাই অঁতাই ঘৰলৈ গুচি আহিল। সিহঁতে নিতৌ এইদৰে পুখুৰীৰ পাৰত পৰমান খাই চিকণ হৈ উঠিল। মাহীয়েকে সিহঁতৰ শ্ৰী দেখি ভাবিলে,—“মই ইহঁতক ভালকৈ খাবলৈ নিদিওঁ অথচ ইহঁত দিনে দিনে চিকণ হৈহে আহিছে। ইহঁতৰ মুখৰ বৰণ কেঁচা সোণযেন হৈছে। মোৰ তুলাক ইমানকৈ খুৱাওঁহে খুৱাওঁ তেওঁ দেখোন তাই এনে হব নোৱাৰে। ইয়াৰ কাৰণ কি? ইহঁতে গৰু চৰাবলৈ যাওঁতে নিশ্চয় ক'ৰবাত কিবা খায়।” ইয়াকে ভাবি তাই পিছদিনা তুলাক সিহঁতৰ লগত গৰু চৰাবলৈ পঠিয়াই দিলে, তেজা আৰু কানায়ে ক'ত কি খায় চাই থাকিবলৈ মনে মনে শিকায়ে৷ দিলে। সেইদিনা তেজা, কানাই আৰু মাক বৰকাছ মহা আহুকালত পৰিল; কাৰণ তুলাই তেজা আৰু কানাইৰ লগকে নেৰে। তেজাই এবাৰ বুধি কৰি তুলাক দূৰৰপৰা এটা গৰু খেদি আনিবলৈ ক'লত, তুলাই গৰুটো খেদি আনিবলৈ গ'ল। তুলা আঁতৰি গলতে তৎক্ষণাৎ বৰকাছজনী ওলাই সিহঁত দুয়োকো খাবলৈ দি গুচি গ'ল আৰু সিহঁতে লৰালৰিকৈ খাই পাত দুখন দলিয়াই পেলালে। ঠিক এনে সময়তে তুলাই দূৰৰপৰা সিহঁতে কিবা খোৱা যেন দেখি লৰি আহি ক'লে,—“তহঁতে কি খালিহঁক,
পৃষ্ঠা:বুঢ়ী আইৰ সাধু.pdf/৯৩
অৱয়ব