সমললৈ যাওক

পৃষ্ঠা:বুঢ়ী আইৰ সাধু.pdf/৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বুঢ়ী আইৰ সাধু
 


ল'ৰা, নাম তেজা আৰু কানাই। লাগীৰ মুঠেই এজনী ছোৱালী, নাম তুলা। তুলা তেজাতকৈ বয়সত ডাঙৰ আছিল। লাগীজনীয়ে এলাগী আৰু তাইৰ ল'ৰাটোক আৰু ছোৱালীজনীক বৰ দুখ দিছিল। তিৰুতাসেৰুৱা গিৰিয়েকেও লাগীৰ ভয়ত সিহঁতক মৰম কৰিব নোৱাৰিছিল। সিহঁতে ভাল খাব পিন্ধিবলৈ নাপায়। ৰাতিপুৱা তেজা আৰু কানায়ে কৰ্কৰা পইতা ভাত এগাল খাই গৰু ৰাখিবলৈ গুচি যায় কিন্তু তুলাই মাকে সৈতে তিনি-তেলনি মাৰি খায়, ভাল কাপোৰ-কানি পিন্ধি মহা সুখে থাকে। গিৰিয়েকে হাল-কোৰ বাই দুপৰীয়া ঘৰলৈ উভতি আহিলে, লাগী সৰুজনী ঘৈণীয়েকে গিৰিয়েকক তপত ভাত, তপত আঞ্জা, নানা ৰকমৰ ভজা,খৰিকাত দিয়া আদি খাবলৈ দি আল ধৰে; কিন্তু কেতিয়াবা এলাগীয়ে গিৰিয়েকক কাবৌ-কোকালি কৰি খাবলৈ মাতি নি নিজৰ ভঙা চালিত পঁইতা ভাত, পোৰা মাছ খাবলৈ দিয়ে আৰু গিৰিয়েকে লাগীৰ ভয়ত লুকাই-চুৰকৈ খায় আৰু বৰ তৃপ্তি পায়।বাস্ত- ৱিকতে দুপৰীয়া হাল-কোব বাই তাৰ পইতা ভাত, পোৰা মাছ যেনে ভাল লাগে, লাগীৰ তপত ভাত, তপত আঞ্জা তেনে ভাল নালাগে। লাগীয়ে দেখিলে যে লাহে লাহে গিৰিয়েকে পথাৰৰপৰা আহি এলাগীৰ ঘৰত ভাত খোৱাটো বাঢ়ি আহিবলৈ ধৰিছে। সেইদেখি তাই এলাগীক কেনেকৈ গিৰিয়েকৰ চকুৰপৰা আতঁৰাব এই কথা ভাবিবলৈ ধৰিলে।

 এদিন লাগীয়ে এলাগীক জকাই বাবলৈ মাতি লৈ গ'ল। লাগীৰ জকাইত কেঁকোৰ৷,কুচিয়া আঙ্গুলিচেপা আদি উঠিল,এলাগীৰ জকাইত কুঢ়ি, চেনি, লাচোন, ভাঙোন আদি ভাল ভাল মাছ উঠিল।

৮২