সমললৈ যাওক

পৃষ্ঠা:বুঢ়ী আইৰ সাধু.pdf/৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চিলনীৰ জীয়েকৰ সাধু
 

মাৰিলে বুলি তেতিয়া চিলনীৰ জীয়েকে বুজিব পাৰি ফেকুৰি ফেকুৰি কান্দিবলৈ ধৰিলে।

 ইয়াৰ কিছুদিনৰ পিচত সদাগৰ বেপাৰ কৰিবলৈ যাবলৈ ওলাল। যাবৰ সময়ত সদাগৰে সাতোজনী ঘৈণীয়েকক দঢ়াই দঢ়াই ক'লে, সিহঁতে যেন চিলনীৰ জীয়েকক দুখ নিদি ভালকৈ ৰাখে।

 এদিন মুদৈ এটাই ফণি, আৰ্চী, সেন্দুৰ, খুৰীবাটি, গোন্ধতেল, আদি বেচিবলৈ বুলি সদাগৰৰ ঘাটতে তাৰ নাও বান্ধিলেহি। সদাগৰৰ ঘৈণীয়েহঁতে সিহঁতে চকুৰ কুটা দাঁতৰ শাল চিলনীৰ জীয়েকক সেই মুদৈটোকে বেচিবলৈ মনে মনে আলচি মুদৈটোৰপৰা কিছুমান বস্তু কিনি সেইবোৰৰ বেচৰ বাবে তাক এজনী ৰূপহী ছোৱালী দিম বুলি কলে। এই ছোৱালীজনীৰ ৰূপ-গুণ সিহঁতে মুদৈটোৰ আগত এনেকৈ বৰ্ণাইছিল যে মুদৈৰ লোভ লাগি বস্তুৰ বেচত মাৰি ছোৱালীজনীকে লৈ যাবলৈ সি মান্তি হ'ল। চিলনীৰ জীয়েকক সতিনীয়েকহঁতে ক'লে,—“আমাৰ ঘাটত এটা মুদৈয়ে এনাও বঢ়িয়া বস্তু বেচিবলৈ আনি নাও বান্ধি আছেহি। আমি চাই-মেলি তাৰ পৰা কিছুমান বস্তু কিনি আনোগৈ আহ।” চিলনীৰ জীয়েকে কলে,— “বাইহঁত, মোক একো নালাগে। নাযাওঁ। মোক তেখেতে কলৈকো যাবলৈ হাক দি গৈছে।” সিহঁতে তাইক নানা ৰকমে বুজাই নেৰানেপেৰাকৈ ধৰাত শেষত তাই থেৰোগেৰোকৈ সিহঁতৰ লগতে গৈ ঘাট পালেগৈ। সিহঁতে বস্তু চোৱাৰ লাচতে চিলনীৰ জীয়েকক মুদৈৰ নাৱত তুলি দিলত, মুদৈয়ে আগেয়ে সিহঁতৰ সৈতে আলচি থোৱা মতে খপ কৰে নাও মেলি দি চিলনীৰ জীয়েকক লৈ গুচি গ'ল।

৭৯