সমললৈ যাওক

পৃষ্ঠা:বুঢ়ী আইৰ সাধু.pdf/৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চিলনীৰ জীয়েকৰ সাধু
 

 এনেদৰে মতা মাত্ৰকতে চিলনী আহি তাইৰ আগতে পৰিল। “কি হ'ল, মোক কিয় মাতিছ?” বুলি জীয়েকক চিলনীয়ে সুধিলত জীৱেকে কলে,—“আই, মোক সতিনীহঁতে ভাত ৰান্ধিবলৈ কৈছে, মই কেনেকৈ ভাত ৰান্ধিব লাগে নাজানো। নাৰান্ধিলে সিহঁতে গিৰিহঁতক লগাই দি মোক কি কৰোৱায় ঠিক নাই।” মাকে জীয়েকৰ কথা শুনি কলে,— “আই তই একো ভয় নকৰিবি, কেনেকৈ ভাত ৰান্ধিবি মই কৈ দিওঁ শুন। এটা চৰুত এচৰুকৈ পানী দি তাতে চাউল এটা পেলাই দিবি আৰু আন এচৰু পানীত এডাল শাক পেলাই দিবি, দি চৰু দুটাৰ তলত এডোখৰ কাঠখৰি দি ধৈ তই আখলঘৰৰ পৰা ওলাই বাহিৰতে বহি থাকিবি; দেখিবি চৰুত

৭৫