সমললৈ যাওক

পৃষ্ঠা:বুঢ়ী আইৰ সাধু.pdf/৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বুঢ়ী আইৰ সাধু
 


তাইক মই সুখে-সন্তোষে ৰাখিম, কেতিয়াও দুখ নিদিওঁ।” সদাগৰৰ কথা শুনি চিলনীয়ে অনেক ভাবি-চিন্তি জীয়েকক সদাগৰলৈকে দিবলৈ মান্তি হ'ল আৰু জীয়েকক ভালেমান বুজাই-বঢ়াই নমাই আনি সদাগৰৰ হাতত সমৰ্পণ কৰিলে। চিলনীয়ে কান্দি-কাটি কাকুতি-মিনতি কৰি সদাগৰক কলে, যেন ছোৱালীটিক তেওঁ দুখ নিদিয়ে। আৰু জীয়েকো কলে,—“আই, মোক তোৰ লগা হলে শিকাই দিয়াৰ দৰেই মাতিলেই মই তোৰ আগত পৰিমগৈ। ”

 ইয়াৰ পিচত সদাগৰে চিলনীৰ জীয়েকক ঘৰলৈ আনি বৰ মৰম- চেনেহ কৰি ৰাখিলে। কিন্তু সদাগৰৰ আগৰ সাতজনী ঘৈণীয়েকে চিলনীৰ জীয়েকৰ ৰূপ দেখি ভাবিলে যে এনে ৰূপহী ঘৈণীয়েককে পাইছে যেতিয়া সিহঁতক আৰু দেখিব নোৱাৰা হব। ইয়াকে ভাবি সাতোজনীয়ে চিলনীৰ জীয়েকক হিংসা-থিয়াল কৰি দুখ দিবলৈ ধৰিলে।

 এদিন সাতোজনীয়ে লগ লাগি চিলনীৰ জীয়েকক কলে,— “তই বৰ অপেশ্বৰী হৈ আহিছ, আনি ঘৰৰ বন-বাৰী কৰি ৰান্ধি- বাঢ়ি দিম, তই বহি বহি খাবি? যা আজি তই ভাত বান্ধগৈ।” চিলনীৰ জীয়েকে তাইৰ জীৱনত কেতিয়াও ভাত বন্ধা নাই; সেইদেখি কেনেকৈ ভাত ৰান্ধিব লাগে নাজানি একোকে উপায় নাপাই কান্দি কান্দি বাৰীৰ পিছফালে কলনিৰ মাজত বহি বিনাই মাকক মাতিলে-

"আগলি কলপাত লৰে কি চৰে।
চিলনী আই মোৰ আগতে পৰে।"

৭৪