সমললৈ যাওক

পৃষ্ঠা:বুঢ়ী আইৰ সাধু.pdf/৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
এটা বলী মানুহ
 

উঠি “কে” “কে” “কা” “কা” বুলি মিছা মিছিকৈ গান গাই আছে আৰু চৰাইবিলাকে সেই গছজোপাৰ পাতে পাতে পৰি কোঢ়াল কৰি আছে। তাকে শুনি বাঘে সেই গছৰ ওচৰলৈ আহি মানুহটোক সুধিলে, “ককাই, তই চৰাইবিলাকক কি শিকাইছ?” সেই মানুহটোৱে কলে বোলে—“ভাই মই সিহঁতক গান শিকাইছো।” তেতিয়া বাঘে কলে, “ককাই, মোকো তেনেকুৱা গান শিকাব পাৰিবি জানো?” মানুহটোৱে কলে,—“তই হৈছ বাঘ, মই হৈছো নৰমনিচ, তই মোক খাবি নহয়?” তেতিয়া বাঘে কলে,— “মই সইত সইত তিনি সইত খাই কৈছোঁ, মই তোক নাখাওঁ। তই মোক তেনেকুৱা গান শিকা।” বাঘৰ কথা শুনি মানুহটোৱে গছৰপৰা নামি আহি বাঘৰ ঠেং চাৰিখন গোটাই খুবমতে বান্ধি পেলাই ঢেঁকীথোৰাটোৰে তাক মাৰিবলৈ ধৰিলে। মাৰত তৎ নেপাই বাঘে কলে,— “ককাই, মই আৰু গান নিশিকো,

৬৯