সমললৈ যাওক

পৃষ্ঠা:বুঢ়ী আইৰ সাধু.pdf/৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সৰব্‌জান
 

কথা টেকেলাই ফৰিঙক ক’লত ফৰিং থিয়ৈ মুচকচ্ যোৱা যেন হ’ল। নগলেও ৰজাই কাটিব, গৈ হাৰ উলিয়াই দিব নোৱাৰিলেও কাটিব, আৰু সি সৰব্‌জান নহয় বুলি কলেও ৰজাই কাটিব। এতেকে সি কি কৰিব একে৷ ভাবি নাপাই, যি কপালত থাকে হব বুলি ঈশ্বৰক চিন্তি ৰজাৰ আগত উপস্থিত হ'লগৈ। ৰজাই সৰব্‌জানক অহা দেখি আদৰ-সাদৰ কৰি ঘৰৰ ভিতৰলৈ জলপান খুৱাবলৈ লৈ যাবলৈ ক’লত ফৰিঙক ৰজাৰ ঘৰৰ ভিতৰলৈ লৈ গৈ দৈ-গাখীৰ, কোমল-চাউল, গুড়েৰে ভালকৈ এটা জলপান খাবলৈ দিয়া হ’ল।

 ৰজাৰ দুজনী কুঁৱৰী; এজনীৰ নাম মাদৈ, এজনীৰ নাম হাদৈ। হাদৈয়েই ৰজাৰ সোণৰ হাৰডাল চুৰ কৰি লুকাই থৈছিল! সৰব্‌জান অহা শুনি ধৰা পৰিম বুলি হাদৈৰ মুখত পানী নাই। সেইদেখি

৬৩