এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
গঙ্গাটোপ
চোৰে ৰাতিটো তাতে থাকি ৰাতি পুৱাতে গছৰ পৰা নামি তাৰ ঘৰলৈ গুচি আহিল; আৰু তেতিয়াৰে পৰা সি চুৰ নকৰো বুলি শপত খালে।
গঙ্গাটোপ
এদিন মাছবোৰ গোট খাই, মাছখোৱা জন্তুবোৰৰ সৈতে ৰণ দিবলৈ থিৰ কৰিবৰ নিমিত্তে মেল মৰা বিলৰ ভগা-ডুবিতে দুপৰীয়া মেল পাতিলে। সেই মেললৈ ৰৌ, বাহু, শ’ল, বৰালি, কাৱৈ, গৰৈকে আদি কৰি ফুল-ডৰিকণালৈকে সকলোবোৰ মাছ আহিল। সমজুৱা সকল গোট খালত, টপা মুৰীয়া বুঢ়া গৰৈক সকলোৱে সেইদিনাৰ মেলখনৰ বৰমূৰীয়া পাতিলে আৰু লৰবৰ চেঙেলিক পাচনীৰ ভাৰ দিলে। পাচনীয়ে গঙ্গাটোপক মেলখন নো কিয় পতা হৈছে সমজুৱাসকলক ভালকৈ বুজাই দিবলৈ কলত গঙ্গাটোপে হাতযোৰ কৰি কবলৈ ধৰিলে,— “ৰাইজসকল। মই আজি আপোনালোকৰ ভৰিৰ ধূলি মূৰত লৈ আমাৰ পাচনী চেঙেলী ককাইৰ আজ্ঞামতে আষাৰচেৰেক কথা কব খুজিছে৷, যদি মোৰ কথাত কিবা স্বৰূপে কেনা লাগে, নই লৰামতি মূৰুখ বুলি মোৰ জগৰ নধৰি সকলো
৫৩