কৰা বিখ্যাত পণ্ডিত গ্ৰীণৰ (Grimm দুই ভায়েক) পৰিশ্ৰমে এই চেষ্টাৰ ফল ধৰায়। জাৰ্ম্মানীৰ গাৱলীয়া কটনাকটা বুঢ়ী তিৰোতা মানুহৰ মুখৰপৰা পোনতে এনে সাধু গোটাই ছপা কৰি উলিওৱা হয়। বাস্তৱিকতে কবলৈ গলে জাৰ্ম্মান পণ্ডিতসকলৰ পৰিশ্ৰমেহে পোনতে সভ্য জগতক দেখৱাই দিলে যে কোনো এটা জাতিৰ এটা পুৰণি সাধুকথাৰ ইতিহাস আৰু ভাষাৰ ভিতৰত এটা শব্দৰ ইতিহাস ডাঙৰ যুদ্ধৰ ইতিহাসতকৈ মূল্যবান।
সাধুকথা দুবিধ আছে। এবিধ, মানুহক ঘাইকৈ নীতিশিক্ষা দিবৰ নিমিত্তে ৰচিত:—পঞ্চতন্ত্ৰ হিতোপদেশ আৰু লা ফন্টেনৰ (La Fontion) সাধুবোৰ। আনবিধ, মানুহৰ কল্পনা শক্তিৰ বাঘজৰী ঢিলাই দি তাক চেকুৰিবলৈ এৰি দি ল’ৰা-ডেকা-বুঢ়া সকলোৰে মনত আনন্দ দিবলৈ ৰচিত, ঘাইকৈ ল’ৰাৰ মনত। কিন্তু গুৰিতে সাধুবোৰ যি উদ্দেশ্যেৰেই হওক, এতিয়া সেইবোৰৰ পৰা পণ্ডিতসকলে মনুষ্য জাতিৰ পুৰণি ইতিহাসৰ অমৃতৰস খীৰাই উলিয়াই তাৰে জ্ঞান-বিজ্ঞানক হৃষ্ট-পুষ্ট আৰু শকত কৰিছে, সি যি হওক, সেইবোৰ এতিয়া এই চুটি পাতনিত উলিয়াই আমি ইয়াক দীঘল কৰিব নোখোজো।
পাঠকসকলে দেখিব যে এই কিতাপত দিয়া কোনো কোনোটো সাধু ভাৰতবৰ্ষৰ আন আন দেশত, ঘাইকৈ বঙ্গদেশত প্ৰচলিত সাধুৰে সৈতে ঘাই কথাবিলাকত মিলে। এনে দেখি যদি তেওঁলোকে ভাবে যে সেইবোৰ বিদেশী সাধুৰ ছাঁলৈ ৰচনা কৰা হৈছে তেন্তে ভুল কৰা হব। এদেশৰ সাধু আন এদেশৰ সাধুৰে মিলি যোৱাৰ কেবাটাও কাৰণ আছে; তাৰে প্ৰথমটো হৈছে— সাধুবোৰ ইমান পুৰণি যে অতীজৰ আৰ্য্যবংশীয় মানুহবোৰ একেলগে থাকোতেই সেইবোৰ ৰচিত হয়। কালক্ৰমত আৰ্য্যবিলাক ফাটি য়ুৰোপ আৰু এচিয়াত ভাগ ভাগ হৈ পৰিলত দেশ-কাল-পাত্ৰ অনুসৰি তেওঁলোকৰ স্বভাৱ আৰু গঢ়-গতিৰ সলনি হোৱাদি সেই সাধুবোৰৰো গঢ়-গতিৰ সলনি ঘটিছে। কিন্তু সেইবুলি সেইবোৰৰ জঁকাৰ সলনি ঘটা নাই,আৰু ঘটিব নোৱাৰেও। সেইদেখি ইণ্ডো-যুৰোপীয়সকলৰ (Indo-Europeans) ভিতৰত প্ৰচলিত অনেক সাধুৰ বাহিৰৰ আকৃতি অনেক বিষয়ত বেলেগ হলেও