দীঘল ঠেঙীয়া
এজনী বুঢ়ী আছিল। তাই এজাক গৰু ৰাখি গাখীৰ বেচি কোনোমতে টুক্-টুক্ টাক্-টাককৈ খাই আছিল। তাই শোৱা ঘৰটো বৰ পুৰণি। তাৰ চালৰ খেৰবোৰ উৱঁলি গৈছে দেখি উৰুখি বৰষুণত পানী পৰে। এদিন ডাৱৰীয়া ৰাতি তাই খাই বৈ উঠি শুবলৈ ধৰোতে—“এ প্ৰভু, দীঘল ঠেঙীয়াই নেপায় যেন” এই বুলি চাঙত উঠি শুই থাকিল।
সেইদিনা ৰাতি এটা চোৰে বুঢ়ীৰ গৰু এটা চুৰ কৰি নিবলৈ বুলি আহি গোহালিৰ কাষতে লুকাই বহি, বুঢ়ী শুবলৈ বাট চাই আছিল। এটা বাঘেও বুঢ়ীৰ গৰু খাবলৈ মন কৰি এন্ধাৰে-মুন্ধাৰে মনে মনে আহি গোহালিৰ গৰু জাকৰ মাজত সোমাই বুঢ়ী শুবলৈ বাট চাই আছিল। বাঘ আৰু চোৰ দুয়ো বুঢ়ীয়ে কোৱা সেই কথাষাৰ শুনিলে। কিন্তু দীঘল ঠেঙীয়া মানে কি সিহঁতে বুজিব নোৱাৰি ভাবিবলৈ ধৰিলে, “দীঘল ঠেঙীয়াটো বা কি?”
বুঢ়ীৰ ভাত-ঘুমতি আহিল৷ চোৰে গৰু চুৰ কৰিবলৈ গোহালিত সোমাল। চোৰে ভাবিলে, “কোনটো গৰু ভাল কোনটো গৰু বেয়া। এন্ধাৰে-মুন্ধাৰে কেনেকৈ চিনিম। এতেকে যিটো গৰুৱে তাৰ টিকাত হাত দিলেই জপিয়াই উঠিব সেইটোৱেই নিশ্চয় চেঙা আৰু ভাল হব।"