সমললৈ যাওক

পৃষ্ঠা:বুঢ়ী আইৰ সাধু.pdf/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বুঢ়ী আইৰ সাধু
 


নেদেখে।” বুঢ়ীয়ে জীয়েকৰ বুধিমতে লাওটোত সোমাই বাটে বাটে বাগৰি গৈ আছে, এনেতে শিয়ালবোৰে দেখি কোৱাকুই কৰিবলৈ ধৰিলে,— “এইটো বৰ আচৰিত কথা, লাওটো কেনেকৈ বাগৰি যাব লাগিছে। ই নিশ্চয় লাও নহয়, ইয়াৰ ভিতৰত কিবা আছে।” এই বুলি সিহঁতে লথিয়াই লাওটো ভাঙি পেলালে। ভাঙিলত তাৰ ভিতৰৰ পৰা বুঢ়ী ওলাই পৰিল। সিহঁতে বুঢ়ীক দেখি আনন্দত “খেক্-খেক্ হোৱা-হোৱা” কৰিবলৈ ধৰি কলে,—“বুঢ়ী, তই আমাক ফাঁকি দি পলাই যাবলৈ ধৰিছিলি। এতিয়া কি হব? আমি তোক এতিয়া খামহঁক।” বুঢ়ীয়ে উত্তৰ দিলে,— “কি কৰিম, খাব খুজিছ খাবি; কিন্তু মই মোৰ জীৰ ঘৰত এটা সুন্দৰ নতুন নাচ শিকি আহিছোঁ; মই মৰিলে মোৰ নাচটো মোৰ লগতে যাব;সেইদেখি মই সেই নাচটো নাচি তহঁতক দেখুৱাওঁ তাৰ পিচত তহঁতে মোক খাবি।” বুঢ়ীৰ কথা শুনি সিহঁতে নাচ দেখাৰ লোভ সামৰিব নোৱাৰি সেই কথাতে মান্তি হলত বুঢ়ীয়ে কলে,—“মই নাম লগাই দিওঁ, তহঁতে ’হয় হয়’ কৰি যাবি, তেহে আকৌ মোৰ ভালকৈ গাটো উঠিব।” এইখিনিতে কওঁ যে বুঢ়ী লাওটোৰ ভিতৰত থাকি বাগৰি বাগৰি ঘৰৰ ওচৰ পাওঁতেহে ধৰা পৰিছিল। বুঢ়ীৰ দুটা কুকুৰ আছিল, এটাৰ নাম ৰঙা, আনটোৰ নাম ক’লা। বুঢ়ীয়ে পাক দি নাচি নাচি, নাম ধৰিলে— “ৰঙা ঔচ! ক’লা ঔচ।” শিয়ালবোৰে মাতিলে “হয় হয়।” এইদৰে বাৰচেৰেক বুঢ়ীয়ে “ৰঙা ঔচ! ক’লা ঔচ!” বুলিলতে ৰঙা আৰু ক’লা কুকুৰ দুটা তাতে লৰি ওলালহি। কুকুৰ দুটা দেখিয়েই শিয়ালবোৰ পিয়া পি দি পলাল আৰু তেতিয়া আমাৰ বুঢ়ী ঘৰলৈ গুচি আহিল। আমাৰো কাপোৰ-কানি ক’লা হ’লত আমিও গুচি আহিলোঁ।

⸺⸺

৪৮