সমললৈ যাওক

পৃষ্ঠা:বুঢ়ী আইৰ সাধু.pdf/৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

চাই লওঁ বুলি আহিছো। মই উভতি আহোঁতে তহঁতে মোক খাবি।” শিয়ালে কলে,—“যদি উভতি নাহ, তেন্তে?” বুঢ়ীয়ে উত্তৰ দিলে, “বুঢ়াক এৰিনো মই নহাকৈ কেনেকৈ থাকিম, মোৰ বোপাহঁত। মই সইত খাই কৈছোঁ, এই বাটেদিয়ে মই সোনকালে উভতি আহিম। আৰু তহঁতে মোক যি কৰ কৰিবি।” বুঢ়ীৰ কথা পতিয়াই সিহঁতে বুঢ়ীক এৰি দিলত, বুঢ়ী জীয়েকৰ ঘৰ পালেগৈ। জীয়েকৰ ঘৰত কিছুদিন খাই লৈ থাকি বুঢ়ীয়ে উভতি আহিবলৈ ধৰি জীয়েকক শিয়ালবোৰেৰে সৈতে হোৱা সকলো কথা ক’লত জীয়েকে মাকক কলে,—“আই, মোৰ ঘৰত এটা ডাঙৰ লাওৰ খোলা আছে, তুমি তাৰ ভিতৰত সোমাই বাগৰি ঘৰ পাবাগৈ; শিয়ালে তোমাক

৪৭