সমললৈ যাওক

পৃষ্ঠা:বুঢ়ী আইৰ সাধু.pdf/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
তেজীমলা
 


সাউদনীৰ হুকুম পাই গৰখীয়া ল’ৰা কেইটাই জৰাটেঙাৰ কাষলৈ গৈ জৰাটেঙা পাৰিব খোজোতেই গছজোপাই বিনাই নাত নগালে,—

“ভাইও বোলোঁ মই, ককাইও বোলোঁ মই, গাঁৱৰে গৰখীয়া।
হাতো নেমেলিবি, জৰাও নিছিঙিবি, ঘৰলৈ উভতি যা।
পাট-কাপোৰৰ লগতে মাহীআই খুন্দিলে, মইহে তেজীমলা॥”

 গৰখীয়া ল’ৰাহঁতে এই বিননি শুনি কিবা দেও-ভূত গছজোপাত আছে বুলি জৰাটো নিছিঙি তাৰপৰা আছি সাউদনীক এই কথা কৈ গুছি গ’ল। সাউদনীৰ চাঁটকৰে মনত পৰিল যে তাই লাওগছ- জোপা কাটি সেইখিনিতে পেলাইছিল। এই কথা মনত পৰিলত তাই বুজিলে যে তেজীমলাইহে জৰা হৈ আছে। ইয়াকে ভাবি সাউদনীয়ে জৰাগছজোপা কাটি নৈত উটাই দিলে।

 জৰা গছজোপ৷ নৈত উটি গৈ ওচৰৰে ঘূলি এটাত ৰৈ এজোপা পদুম হৈ এটা সুন্দৰ ফুলেৰে জকমকীয়া হ’ল। কিছুদিনৰ মূৰত বেহা-বেপাৰ কৰি সেই নৈয়েদিয়েই তেজীমলাৰ বাপেক নাৱেৰে আহোঁতে নৈৰ ঘূলিত গছজোপাত সুন্দৰ পদুম ফুল এটা ফুলি থকা দেখি তেজীমলালৈ সেই ফুলটো লৈ যাওঁ বুলি ভাবি নাৱৰীয়া এটাক সেই ফুলটো ছিঙি আনিবলৈ ক’লে। নাৱৰীয়াটোৱে ফুলটো ছিঙি- বলৈ হাত মেলোতেই পদুমে বিনাই গালে,—

“হাতো নেমেলিবি, ফুলো নিছিঙিবি, ক’ৰে নাৱৰীয়া তই।
পাট-কাপোৰৰ লগতে মাহীআই খুন্দিলে, তেজীমলাহে মই॥”

 ফুলে বিনোৱা দেখি নাৱৰীয়াটোৱে ভয় খাই সাউদক ক’লত, সাউদে সেইটো কিনো চাওঁ বুলি ওচৰ চাপি গৈ ফুলটো ছিঙিবলৈ হাত মেলোতে ফুলে বিনাই মাতিলে,—

৪৩