পাতনি
প্ৰত্যেক জাতিৰ আৰু প্ৰত্যেক দেশৰ সুকীয়া ভাষা থকাদি সুকীয়া সাধু-কথা (Folklore) আছে। ভাষা যেনেকৈ কোনো এটা জাতিৰ জাতীয় জীৱনৰ গুৰিৰ পৰা আত্মপ্ৰকাশ আৰু আত্ম-জীৱনচৰিত, পুৰণি সাধুকথাবোৰো সেইদৰে জাতীয় জীৱনৰ পুৰণি কালৰপৰা আত্মপ্ৰকাশ আৰু আত্ম-জীৱন চৰিত।কোনো এটা জাতিৰ ভিতৰুৱা শিক্ষিত-অশিক্ষিত, সভ্য-অসভ্য, জ্ঞানী-অজ্ঞানী সকলো মানুহৰে চৰণৰ ছাপ যেনেকৈ সেই জাতিৰ নিজা ভাষাত নচ নোখোৱাকৈ থাকি যায়, জাতীয় পুৰণিকলীয়া সাধুকথাবিলাকতো সেইদৰে সেই জাতিৰ ভিতৰুৱা সকলো শ্ৰেণীৰ মনুহৰ পুৰণি আচাৰ-ব্যৱহাৰ, ৰীতি-নীতি, চিন্তা-কল্পনা আদিৰ সাঁচ মচ নোখোৱাকৈ থাকি যায়। সেইদেখি মানুহৰ জাতীয় জীৱনত অলিখিত পুৰণি বুৰঞ্জী জানিবৰ নিমিত্তে “ফাইল’লজি” (Philology) অৰ্থাৎ ভাষাতত্ত্ব আৰু “মাইধ’লজি” (Mythology) অৰ্থাৎ পুৰাণতত্ত্ব যেনেকুৱা লাগতিয়াল, ফকল’ৰ (Folklore) অৰ্থাৎ সাধুকথাতত্ত্বও তেনেকুৱা লাগতিয়াল |
সুপ্ৰসিদ্ধ ভাষাতত্ববিদ জাৰ্মান পণ্ডিত বপ্ (Bopp) আদিৰ দ্বাৰাই আবিষ্কৃত এই মত,—অৰ্থাৎ টিউটন (Tuton) কেল্ট (Celt) হিন্দু আদি আৰ্য্যবংশীয় মানুহবোৰ যে গুৰিতে একে আছিল আৰু তেওঁলোকে যে আদিতে মধ্য এচিয়াৰ একে ঠাইতে থকা একে পৰিয়ালৰ একেজোপা গছৰে ডাল,-সাধুকথাবোৰৰ তত্ত্ব আলোচনাই আৰু গজগজীয়া কৰিলে।
কিছুকালৰ আগলৈকে সাধুকথাবোৰৰ আচল মূল্য নবুজি সকলোৱে সেইবোৰ ল'ৰালি আৰু অকামিলা বুলি ভাবি আছিল। কিন্তু প্ৰথমতে জাৰ্মান পণ্ডিতসকলে এই ভুল বিশ্বাস ভাঙি দিয়ে। প্ৰথমতে জাৰ্মানীত সাধুকথাৰ প্ৰকৃত মূল্য নিৰ্দ্ধাৰিত হয় আৰু তাতে সেইবোৰ বৈজ্ঞানিক প্ৰণালীত আলোচিত হয়। ১৭৭৮-৭৯ খৃষ্টাব্দত ছপা হোৱা হাৰ্ডাৰৰ (Herder) প্ৰসিদ্ধ "Collection of Popular Songs" অত এই চেষ্টাৰ প্ৰথম উন্মেষ হয়। কিন্তু ১৮১১ অৰ পৰা ১৮৩৫ খৃষ্টাব্দৰ ভিতৰত