ল’ৰা-ছোৱালী নাছিল। তেজীমলাৰ মাক তেজীমলাৰ কেচুৱা কালতে
মৰিল, সেইদেখি মাহীমাকে তুলিতালি ডাঙৰ কৰিছিল। ঘৰখনত একেজনী ছোৱালী তেজীমলা বাপেকৰ বৰ চেনেহৰ আছিল; কিন্তু মাহীয়েকে হলে পেটে পেটে তেজীমলাক সমূলি দেখিব নোৱাৰিছিল; কেৱল গিৰিয়েকৰ ভয়তহে তাই তেজীমলাক প্ৰতিপাল কৰি ডাঙৰ দীঘল কৰিবলগীয়াত পৰিছিল।
আজি কালিকৈ তেজীমলা দহ- এঘাৰ বছৰীয়া হ’ল। সেই গাঁৱৰে ভাল মানুহ এঘৰৰ সমনীয়া ছোৱালী এজনীৰে সৈতে বাপেকে সখী বন্ধাই দিলে।
তেজীমলাৰ বাপেক বেপেৰুৱা মানুহ; বেহা-বেপাৰলৈ নগলে নচলে। সেইদেখি সততে তেওঁ চাৰিওফালে বেহাই ফুৰিবলগীয়াত পৰে। এইবাৰ ৬।৭ মাহলৈকে তেওঁ বেপাৰৰ নিমিত্তে দূৰলৈ যাব - লগীয়াত পৰিল। সেইদেখি তেওঁ যাবৰ সময়ত ঘৈণীয়েকক ওচৰলৈ মাতি আনি তেওঁৰ অতি আদৰুৱা তেজীমলাক ঘৈণীয়েকৰ হাতত গতাই দি কলে যে, “এইবাৰ মই ৬।৭ মাহলৈ বিদেশলৈ যাওঁ। তোৰ হাতত মোৰ তেজীমলাক গতালে৷। তাই আদৰুৱা ছোৱালী; তাইক মৰম-বেথা কৰি ভালকৈ ৰাখিবি।”
সাউদনীয়ে ভাবিলে, “এইবাৰ মোৰ বেছ সুবিধা হৈছে, এই কেইমাহৰ ভিতৰতে মই মোৰ চকুৰ-কুটা, দাঁত-শালটো পাৰিম। তাইক ঠেকেচি ঠেকেচি মোৰ মনৰ হেঁপাহ পলুৱাম।” আৰু তাই ভাবিলে, “অকল ঠেকেচিয়ে নেৰোঁ, সেইদৰে এৰিলে বাপেকে আহি সেই কথা কেনেবাকৈ বুজ পালে এখন হাই-উৰুমিৰহে বাহ হব। এই আপদৰ একেবাৰেই জইন মাৰিম। এইক বিয়া