কলত সিহঁতে বুজিব পাৰিলে যে কাণীয়ে কণা চকুটো ওপৰ ফালে দি শুই থকা বাবেহে একো নেদেখিলে। এইবাৰ সিহঁতে ঘাই ম’হজনীকে ৰখীয়া পাতি থৈ যাবলৈ ঠিক কৰি পিচদিনা তাকে কৰিলে। কিন্তু সেইদিনাও ঘাই ম’হজনীৰ চিলমিলকৈ অলপ টোপনি অহা দেখি বাঁৰী-কোঁৱৰে নামি আহি ফেন খাই খুটি অঁতাই লৰালৰিকৈ গছত উঠোতেই, ম’হজনীৰ টোপনি ভাগিলত, তাই তাক দেখি লৰ মাৰি আহি সুধিলে,— “তই দেৱতা নে মানুহ কোন ক? আৰু দেৱতাই হ বা মানুহেই হ নামি আহ।” বাঁৰী-কোঁৱৰে কলে,—“মই দেৱতা নহওঁ, মানুহ হে; মই নামি যাব নোৱাৰোঁ, গলেই তই মোক খুচি মাৰিবি” বুলি কলে। ম’হজনীয়ে কলে, “নোখোচো নামি আহ।” কোঁৱৰে কলে,— “নহয় তই খুচিবি।” ইয়াৰ পিচত ম’হজনীয়ে তিনি সইত খাই নোখোচো বুলি ক’লত বাঁৰী-কোঁৱৰে গছৰ পৰা নামি আহি, আগৰ পৰা গুৰিলৈকে তাৰ সকলো কথা ম’হজনীক কলে। তাৰ কথা শুনি ম’হজনীৰ তালৈ মৰম লাগিল। তাই তাক কলে যে,–“তুমি আজিৰপৰা ইয়াতে নিৰ্ভয়ে থাকা, তোমাক আমি, আমাৰ গৰাকী পাতিলো আৰু তুমি গাখীৰ খাবলৈ সুকীয়াকৈ আমি তোমাক এজনী ম’হ দিম।” গধূলি
আনবিলাক ম’হ আহিলত ঘাই ম’হজনীয়ে সকলোবিলাক কথা সিহঁতক ক’লত সিহঁতে ৰং পালে আৰু বাঁৰী-কোঁৱৰক নিজৰ গৰাকী বুলি মানি ললে। ইয়াৰ পিচত সিহঁতে কাণী ম’হজনী মাৰি তাইৰ শিং দুটা বাঁৰী-কোঁৱৰক দি কলে,—“এই শিং দুটাৰ এটা খংশিঙা, এটা ৰংশিঙ৷। আমি চৰিবলৈ গলে তুমি যদি ৰংশিঙাটো বজোৱা শুনো তেন্তে তুমি ভালে আছা বুলি জানি আমিও ৰঙেৰে চৰি ঘাঁহ খাই ফুৰিম। আৰু যদি তোমাৰ কোনো বিপদ ঘটে তেন্তে তুমি যদি