এটাইবোৰ ম’হ চৰি গধূলি উভতি আহি, সিহঁতৰ খুটি সেইদিনা অঁতাই-পিতাই থোৱা দেখি আচৰিত হ’ল। সিহঁতে চাৰিওফালে চাই একো নেদেখি নিজৰ ভিতৰতেই কথা কোৱা-মেলা কৰি
শুই থাকিল। পিচদিনা ৰাতিপুৱা আকৌ যেতিয়া ম’হবোৰ চৰিবলৈ গ’ল, বাঁৰী-কোঁৱৰ গছৰপৰা নামি আহিল। ম’হ-পোৱালিয়ে পিওঁতে সিহঁতৰ মুখৰপৰা গাখীৰৰ যিবোৰ ফেন মাটিত পৰি আছিল সেইবোৰ
সি খাই, আগৰ দিনাৰ দৰে খুটিখন ভালকৈ সাৰি গোবৰবোৰ পেলাই চাফ-চিকণ কৰি গছৰ ওপৰত উঠি থাকিল। সেইদিনাও গধূলি ম’হবোৰ উভতি আহি খুটিখন চাফ-চিকণ দেখি আচৰিত হ’ল আৰু
কোনে এই কাম কৰে, তাক ধৰিবৰ মনেৰে আলচ কৰি পিচদিনা বুঢ়া ম’হ এটাক ৰখীয়া পাতি থৈ চৰিবলৈ গ’ল। যাবৰ সময়ত সিহঁতে বুঢ়া ম’হক কৈ গ’ল যে,–“তই ভালকৈ চাই থাকিবি, কোনে আহি আমাৰ খুটিখন অঁতাই যায়হি, আমি তোলৈ ঘাঁহ-পানী লৈ আহিম।” কিন্তু দুপৰীয়া ৰ’দত বুঢ়া ম’হটোৰ টোপনি আহিলত, ম’হটোৰ টোপনি অহা দেখি বাঁৰী-কোঁৱৰে সুতকৰে গছৰ ডালৰ পৰা নামি আহি আগৰদৰে ফেনবোৰ খাই খুটিখন অঁতাই গছৰ ওপৰত উঠি থাকিল, বুঢ়া ম’হে গমকে নাপালে।
গধুলি ম’হবোৰ আহি বুঢ়াক কি দেখিলে বুলি সুধিলত বুঢ়াই ক’লে,–“মই একো নেদেখিলো।” সিহঁতে বুঢ়াৰপৰা একো কাম নহয় জানি পিছদিনা কাণী ম’হ এজনীক ৰখীয়া পাতি থৈ গ’ল। কাণীয়ে ভাল চকুটো তলফালে আৰু কণা চকুটো ওপৰফালে কৰিব শুই থাকোঁতেই সেইদিনাও বাঁৰী-কোঁৱৰে আগৰ দৰে সকলো কাম কৰি গছত উঠি ৰ’ল, কাণীয়ে একো নেদেখিলে। গধূলি ম’হজাকে
আহি কাণীক বতৰ৷ সোধাত কাণীয়ে “একো নেদেখিলে৷” বুলি