সমললৈ যাওক

পৃষ্ঠা:বুঢ়ী আইৰ সাধু.pdf/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বাঘ আৰু কেঁকোৰা
 

খাই থাকা।” কেঁকোৰাৰ টেঙৰালি কথাৰ আচল মানে বুজিব নোৱাৰি বাঘে তাৰ নেজডাল গাঁতত সুমাই দিলতে, কেঁকোৰাই ভিতৰৰ পৰা সেইডাল চেপি ধৰিলে। বাঘে দুখ পাই টানেহে টানে, নেজডাল নোলায়, আৰু তাত কেঁকোৰাৰ চেপা টানহে হয়। বাঘে যন্ত্ৰণাত তৎ এৰি চিঞৰত গগন ফালিবলৈ ধৰিলে, তথাপি কেঁকোৰাই এৰি নিদিয়ে। দৈবযোগত তেতিয়া ওচৰতে বাঁৰী-কোঁৱৰ এটাই পথাৰত মাটি কুৰি আছিল। সি বাঘৰ চিঞৰ শুনি মাটি কুৰিবলৈ এৰি কোৰ লৈ পলাবলৈ ধৰোতে বাঘে দূৰৰ পৰা তাক দেখি চিঞৰি কান্দি-কাটি কাকুতি কৰি কলে,–“হে ককাই, এইপিনে আহাঁ, মই মৰিলো, কেঁকোৰাৰ চেপাৰ তাপত মোৰ প্ৰাণ যায়। মোৰ নেজডাল এৰুৱাই দিয়াহি ঐ” বাঁৰী-কোঁৱৰে উত্তৰ দিলে,--“মই নোৱাৰোঁ বুজিছ নে? তই বাঘ, তোৰ বিশ্বাস নাই, এৰুৱাই দিলেই তই মোক খাই পেলাবি।” বাঘে কলে,—“হে দেউতা আহাঁ ঐ। মই সত্য সত্য তিনি সইত খাই কৈছোঁ, তোমাক নেখাওঁ। মোক এৰুৱাই দিয়া মোৰ দেউতা, তুমি যদি মোক এই বিপদৰ পৰা উদ্ধাৰ কৰা তেনেহলে মই শপত খাই কৈছোঁ দিনৌ তোমাক একোটাকৈ পহু মাৰি আনি দিম।” এই কথা শুনি বাঁৰী-কোঁৱৰে বাঘৰ কথা পতিয়াই ওচৰ চাপি আহি কোৰখনেৰে চাব মাৰি দি বাঘৰ নেজডাল কাটি দিলত বাঘ ৰক্ষা পৰিল। বাঘে সেইখিনিৰ পৰা গুচি যাবৰ সময়ত বাঁৰী-কোঁৱৰক কাণে কাণে কৈ গ’ল,–“তোমাক মই মোৰ কথামতে দিনৌ পহু একোটা দিম হয়, তুমি কিন্তু সেই কথা কাৰো আগত ক’ব নোৱাৰা; কলেই তুমি য’তে থাকা, তাৰেপৰাই মই ততালিকে তোমাক লৈ গুচি যামহি।”

 বাঘৰ উপকাৰ কৰা বাবে ইয়াৰ পিচৰপৰা বাঁৰী-কোঁৱৰে বাঘৰ পৰা দিনে৷ একোটাকৈ পহু পাবলৈ ধৰিলে। এইদৰে ভালেমান

২৯